● প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কয় যে ভাৰতবৰ্ষই সম্প্ৰতি গাঁথনিগত সংস্কাৰৰ দিশত, বিশেষকৈ নিৰ্মাণ খণ্ডত পৰিৱৰ্তনমূলক যাত্ৰাত অগ্ৰসৰ হৈছে। ছিডনীত অনুষ্ঠিত ভাৰত-অষ্ট্ৰেলিয়া প্ৰতিৰক্ষা, উদ্যোগ আৰু বাণিজ্য বিষয়ৰ ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰি তেওঁ লগতে কয় যে ভাৰত সম্প্ৰতি বিশ্বৰ চতুৰ্থ বৃহৎ তথা সবাতোকৈ দ্রুত হাৰত অগ্রগতি লাভ কৰা অৰ্থনীতি। দেশৰ প্ৰতিৰক্ষামূলক উৎপাদনৰ হাৰ আগৰ বছৰটোৰ তুলনাত বিগত বৰ্ষত ১৮ শতাংশ বৃদ্ধি পোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে সম্প্ৰতি এই পৰিমাণ ৫১ হাজাৰ কোটি টকালৈ বৃদ্ধি পাইছে।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সন্ত্রাসবাদ আৰু আলোচনা একেলগে চলিব নোৱাৰে বুলি প্ৰকাশ কৰে। অষ্ট্ৰলিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লছৰ সৈতে কালি কানবেৰাত হোৱা দ্বিপাক্ষিক আলোচনাত মন্ত্ৰীগৰাকীয়ে এইদৰে মত প্ৰকাশ কৰে। তেওঁ কয়, যে সন্ত্ৰাসবাদ আৰু বাণিজ্য তথা পানী আৰু তেজ একেলগে ব’ব নোৱাৰে। ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ গভীৰ সাংস্কৃতিক সম্পৰ্ক আৰু উমৈহতীয়া গণতান্ত্ৰিক প্ৰমূল্যৰ বিষয়ে উল্লেখ কৰি শ্রীসিঙে কয়, যে দুয়োখন দেশৰ মাজত সৰ্বাত্মক কৌশলগত সহযোগিতাৰ বাবে প্ৰতিৰক্ষা সহযোগিতাও ভালেখিনি বৃদ্ধি পাইছে।