ভাৰত সংস্কাৰ এক্সপ্ৰেছেৰে অগ্ৰসৰ হৈছে আৰু গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্রকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা প্ৰৱন্ধত প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, যে সম্প্রতি সমগ্র বিশ্বই আশা আৰু বিশ্বাসেৰে চাবলৈ লৈছে। তেওঁ কয়, যে বিশ্বই পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ বলত ভাৰতে লাভ কৰা বিকাশৰ গতিৰ ভূয়সী প্রশংসা কৰিছে। দেশৰ জনগাঁথনি, যুৱ প্ৰজন্ম আৰু দেশবাসীৰ অদম্য মনোভাৱ এই সংস্কাৰ এক্সপ্ৰেছৰ মূল চালিকা শক্তি বুলি প্রধানমন্ত্রীয়ে মন্তব্য কৰে। শ্রীমোদীয়ে কয়, যে ২০২৫ বৰ্ষক ভাৰতৰ বাবে সংস্কাৰৰ বৰ্ষৰূপে স্মৰণ কৰা হ’ব। চলিত বৰ্ষত বিভিন্ন খণ্ডত ঐতিহাসিক পৰিৱৰ্তন হৈছে আৰু ইয়াৰ ফলত দেশৰ বিকাশ তৃৰান্বিত হৈছে বুলি শ্রীমোদীয়ে প্রকাশ কৰে। তেওঁ কয়, যে চৰকাৰে প্ৰতিষ্ঠানসমূহৰ আধুনিকিকীকৰণৰ লগতে শাসন ব্যৱস্থা সৰল আৰু দীর্ঘকালীন সর্বাত্মক বিকাশৰ বাবে ভেঁটি শক্তিশালী কৰিছে। শ্রীমোদীয়ে কয়, যে শ্রম আইন আৰু বাণিজ্যিক চুক্তিৰ পৰা ৰচদ-পাতি, শক্তি আৰু বজাৰ সংস্কাৰলৈকে ভাৰতৰ বিকাশ যাত্রা বিশ্বাসযোগ্যতা, সুস্থিৰতা আৰু নিৰ্ভৰযোগ্যতাৰ ওপৰত গঢ়ি উঠিছে। এই পদক্ষেপসমূহে ২০৪৭ চনৰ ভিতৰত ভাৰতবৰ্ষক উন্নত ৰাষ্ট্রৰূপে গঢ়ি তোলাৰ প্ৰচেষ্টা সুদৃঢ় কৰিব বুলি প্রধানমন্ত্রীয়ে আস্থা প্রকাশ কৰে।
Site Admin | December 30, 2025 8:28 PM | PM Modi speak on Vision 2047
ভাৰত সংস্কাৰ এক্সপ্ৰেছেৰে অগ্ৰসৰ হৈছে আৰু গোলকীয় আকৰ্ষণৰ কেন্দ্ৰৰূপে পৰিগণিত হোৱা বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্ৰকাশ