January 1, 2026 8:24 PM | Prez Convocation

printer

ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে : ৰাষ্ট্ৰপতি

ভাৰত শীঘ্ৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিৰ দেশ হিচাপে পৰিগণিত হোৱাৰ দিশে অগ্ৰসৰ হৈছে আৰু ভাৰতৰ অর্থনৈতিক বৃদ্ধিক তৃৰান্বিত কৰাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা গ্রহণ কৰিছে। নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত Skilling for AI Readiness শীর্ষক এটা বিশেষ অনুষ্ঠানত আজি ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৱে এইদৰে মন্তব্য কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে কয়, যে কৃত্রিম বুদ্ধিমত্তা কেৱল এটা প্রযুক্তি নহয়, বৰং ই ভাৰতক ইতিবাচক দিশলৈ পৰিৱৰ্তন কৰা এটা সুযোগ। ৰাষ্ট্ৰপতি শ্রীমতী দ্রৌপদী মুর্মুৰে লগতে কয়, যে সমাগত দশকত দেশৰ জি ডি পি, নিয়োগ আৰু সামগ্রীক উৎপাদনশীলতাত কৃত্রিম বুদ্ধিমত্তাই বিশেষ ভূমিকা গ্রহণ কৰিব। তেওঁ লগতে ডাটা বিজ্ঞান, কৃত্রিম বুদ্ধিমত্তা অভিযান্ত্ৰীকিকৰণ, তথ্য বিশ্লেষণৰ দৰে দক্ষতাই দেশৰ কৃত্রিম বুদ্ধিমত্তা টেলেন্ট টুল গঢ়ি তোলাৰ ক্ষেত্ৰত উল্লেখনীয় ভূমিকা পালন কৰিব বুলি উল্লেখ কৰে। ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মুৱে কয়, যে ভাৰতৰ দৰে এখন যুৱ শক্তিৰে ভৰপূৰ দেশত কৃত্রিম বুদ্ধিমত্তা কেৱল মাত্র প্রযুক্তি নহয়, বৰং ই দেশক ইতিবাচক পৰিৱৰ্তনৰ দিশলৈ লৈ যোৱাৰ সোণালী সুযোগ। তেওঁ লগতে কয়, যে বর্তমান কৃত্রিম বুদ্ধিতমত্তাৰ দ্রুত বিকাশ হৈছে আৰু এই প্রযুক্তি শিকি লোৱাটো সকলোৰে বাবে প্রয়োজনীয় হৈ উঠিছে। ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে, কেন্দ্ৰীয় চৰকাৰে বিভিন্নে প্রতিষ্ঠান, ঔদ্যোগিক অংশীদাৰ আৰু শিক্ষানুষ্ঠানৰ সহযোগত কেৱল প্রযুক্তিৰ উদ্ভাৱনতেই গুৰুত্ব প্ৰদান কৰা নাই বৰং এটা ভৱিষ্যতৰ আকাৰ দিয়াৰ ক্ষেত্ৰতো দায়বদ্ধতাৰে কাম কৰি আহিছে। এই অনুষ্ঠানত কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান আৰু কেন্দ্রীয় দক্ষতা বিকাশ আৰু উদ্যমিতা তথা শিক্ষা ৰাজ্য মন্ত্রী জয়ন্ত চৌধাৰীও উপস্থিত থাকে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।