ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত-মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ লগতে ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পাৰিব

ভাৰত আৰু মালদ্বীপৰ দ্বিপাক্ষিক বাণিজ্যৰ লেনদেন এতিয়াৰে পৰা এছিয় ক্লিয়াৰিং ইউনিয়ন ধনাদায় ব্যৱস্থাৰ উপৰি ভাৰতীয় টকা আৰু মালদ্বীপৰ মুদ্ৰা ৰুফিয়াৰে সম্পন্ন কৰিব পৰা যাব। মালদ্বীপৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ভাৰতীয় ৰিজাৰ্ভ বেংক আৰ বি আয়ে এই সন্দৰ্ভত এখন পৰিপত্ৰ জাৰি কৰিছে। এই পদক্ষেপে মালদ্বীপক সহায় কৰিব বুলি আশা কৰা হৈছে। ভাৰত-মালদ্বীপৰ সবাতোকৈ বৃহৎ ব্যৱসায়িক সহযোগী আৰু দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ ৫৪ কোটি ৮০ লাখ মার্কিন ডলাৰৰো অধিক৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।