ভাৰত মণ্ডপামত পৰম্পৰাগত চিকিৎসা সম্পর্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় বিশ্ব সন্মিলন আৰম্ভ

■ নতুন দিল্লীৰ ভাৰত মণ্ডপামত পৰম্পৰাগত চিকিৎসা সম্পর্কীয় বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বিতীয় বিশ্ব সন্মিলন কালি আৰম্ভ হয়। অনুষ্ঠানত ভাষণ দি আয়ুষ মন্ত্রী প্রতাপৰাও যাধৱে পৰম্পৰাগত চিকিৎসা বিজ্ঞানত ভাৰতৰ দীৰ্ঘদিনীয়া অভিজ্ঞতাৰ সন্দৰ্ভত আলোকপাত কৰি গৱেষণা, গুণগত মান, আৰু বিশ্ব সহযোগিতা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰে। ২০১৬ চনত আৰম্ভ হোৱা এই সহযোগিতাই বিশ্ব পৰ্যায়ত পৰম্পৰাগত চিকিৎসা বিজ্ঞানক আগুৱাই নিয়াৰ ক্ষেত্ৰত এক মূল মাইলৰ খুঁটি হিচাপে পৰিগণিত হৈছে বুলিও তেওঁ উল্লেখ কৰে।
শ্রীযাধৱে বৃত্তি, বিশ্বব্যাপী সহযোগিতা আৰু আয়ুষ গ্রীডৰ দৰে ডিজিটেল মঞ্চৰ দ্বাৰা সমৰ্থিত শিক্ষা, গৱেষণা আৰু সামৰ্থ্য বিকাশৰ জৰিয়তে ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ সম্প্ৰসাৰণৰ সন্দৰ্ভতো গুৰুত্ব আৰোপ কৰে।
ইপিনে, বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্রধান ড° টেড্ৰ’ছ আধানম গেৱেইছাছে আধুনিক বিজ্ঞান আৰু প্ৰযুক্তিৰ সৈতে প্ৰজ্ঞাক একত্ৰিত কৰাৰ বাবে সংস্থাটোৰ দায়বদ্ধতাৰ কথা পুনৰ দৃঢ়তাৰে উল্লেখ কৰে। ড° টেড্ৰছে বিজ্ঞান আৰু পৰম্পৰাৰ মাজত, তথা জ্ঞান আৰু অভিজ্ঞতাৰ মাজত সংযোগ স্থাপনৰ গুৰুত্ব সন্দৰ্ভতো আলোকপাত কৰে৷
শীৰ্ষ সন্মিলনৰ মূল বৈশিষ্ট্য হিচাপে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰম্পৰাগত চিকিৎসা পদ্ধতিৰ সমান্তৰালকৈ আয়ুর্বেদ, যোগ, ইউনানি, আৰু হোমিঅ’পেথীকে ধৰি ভাৰতৰ আয়ুষ ব্যৱস্থাসমূহ প্ৰদৰ্শনৰ বাবে আয়ুষ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছে।
বিশ্বজুৰি পৰম্পৰাগত চিকিৎসাৰ নিৰাপদ, ফলপ্রসূ আৰু প্ৰমাণভিত্তিক ব্যৱহাৰক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে নতুন বিশ্বব্যাপী প্ৰতিশ্ৰুতিৰ লগতে এই সন্মিলনত উল্লেখযোগ্য বৈজ্ঞানিক পদক্ষেপ ঘোষণা কৰাৰ সম্ভাৱনা আছে।