ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত মণ্ডপমত কাইলৈৰ পৰা ৩ দিনয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ

নতুন দিল্লীৰ প্ৰগতি ময়দানৰ ভাৰত মণ্ডপমত কাইলৈৰ পৰা ৩ দিনয়াকৈ অষ্টলক্ষ্মী মহোৎসৱ অনুষ্ঠিত হ’ব। উত্তৰ-পূব উন্নয়ন মন্ত্ৰালয়, উত্তৰ পূব হস্তশিল্প আৰু হস্ততাঁত উন্নয়ন নিগম লিমিটেড আৰু ইনভেষ্ট ইণ্ডিয়াই প্ৰথম বাৰৰ বাবে আয়োজন কৰা এই মহোৎসৱত উত্তৰ পূৰ্বাঞ্চলৰ শিল্প কলা, চহকী বৈচিত্র্য আৰু সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা হ’ব। অষ্টলক্ষ্মী ৰূপে পৰিচিত উত্তৰ পূৰ্বাঞ্চলৰ আঠোখন ৰাজ্যই দেশৰ সামাজিক, সংস্কৃতিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। এই মহোৎসৱৰ সময়ছোৱাত বিভিন্ন ক্ষেত্ৰত অঞ্চলটোৰ অপাৰ সম্ভাৱনা আৰু জীৱন্ত সংস্কৃতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি ভালেমান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ অংশ হিচাপে অসমৰ প্ৰিয়ংকা ডি পাটোৱাৰী, অৰুণাচল প্ৰদেশৰ জেঞ্জুম গড়ি, মেঘালয়ৰ ডেনিয়েল চিয়েম, মণিপুৰৰ ৰিছানা খুনমান্থেমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ ভালেকেইগৰাকী আগশাৰীৰ ডিজাইনাৰৰ ফেশ্বন শ্ব’ৰো দিহা কৰা হৈছে।