ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট সভাৰ অষ্টম সত্ৰ আৰম্ভ

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁট সভাৰ অষ্টম সত্ৰ আৰম্ভ হ’ব। চাৰিদিনীয়াকৈ আয়োজন কৰা এই সত্ৰত ১২৪ খন সদস্য ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিব। এই সত্ৰই গোলকীয় সমুদায়সমূহে একেলগে এটা উজ্বল আৰু বহনক্ষম ভৱিষ্যতৰ বাবে সৌৰশক্তি ব্যৱহাৰৰ প্ৰয়াস তথা সহযোগিতা সন্দৰ্ভত আলোচনাৰ সুযোগ প্ৰদান কৰিব। সদস্য ৰাষ্ট্ৰসমূহে সকলোৰে বাবে সুলভ সৌৰশক্তি দৃষ্টিভংগীৰ ক্ষেত্ৰত অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ লগতে ইয়াৰ প্ৰত্যাহ্বানসমূহৰ বিষয়ত আলোচনা কৰিব।

উল্লেখযোগ্য যে ভাৰতে নিৰ্ধাৰিত সময়ত ৫ বছৰ পূৰ্বেই অ-জীৱাষ্ম উৎসৰ পৰা ইয়াৰ মুঠ বিদ্যুৎ উৎপাদন ক্ষমতাৰ ৫০ শতাংশ লাভ কৰিবলৈ সমৰ্থ হৈছে। ভাৰত হৈছে বিশ্বৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ সৌৰশক্তি উৎপাদনকাৰী দেশ আৰু নৱীকৰণযোগ্য শক্তি বিকাশৰ ক্ষেত্ৰত দ্বিতীয় সর্ববৃহৎ বজাৰ। প্ৰধানমন্ত্রী সূৰ্যৰ্ঘৰ যোজনাৰ অধীনত ২০ লাখৰো অধিক লোকে তেওঁলোকৰ ঘৰৰ ছাদত সৌৰ পেনেল স্থাপন কৰি ইয়াৰ সুবিধা লাভ কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।