■ প্ৰযুক্তিৰ ক্ষেত্ৰত বিকাশ ক্ৰমাৎ ঊর্ধগামী হোৱা ভাৰতত সম্প্ৰতি বিশ্বৰ ভিতৰতে সবাতোকৈ সফল ডিজিটেল ৰাজহুৱা আন্তঃগাঁথনি গঢ়ি তোলা হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। কালি নতুন দিল্লীৰ ভাৰত মণ্ডপমত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC-2025 মুকলি কৰি দিয়া ভাষণত তেওঁ লগতে কয়, যে কেন্দ্ৰীয় চৰকাৰে দেশত উদ্ভাৱনৰ ক্ষেত্ৰত অত্যাধুনিক ব্যৱস্থা বিকশাই তোলাৰ বাবে গৱেষণা ক্ষেত্ৰৰ সুচলতাত গুৰুত্ব আৰোপ কৰিছে। ভাৰত সম্প্ৰতি কেৱল প্ৰযুক্তিৰ গ্রাহক হৈ থকা নাই বৰং, প্রযুক্তিগত ৰূপান্তৰৰ হোতা হিচাপে পৰিগণিত হোৱা বুলিও প্রধানমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে। কালিৰ এই অনুষ্ঠানত শ্ৰীমোদীয়ে দেশৰ গৱেষণা আৰু উন্নয়নৰ বাতাবৰণ অধিক বিকশিত কৰি তোলাৰ উদ্দেশ্যে এখ লাখ কোটি টকাৰ গৱেষণা, উন্নয়ন আৰু উদ্ভাৱন আঁচনি পুঁজি মুকলি কৰে। অহা ৫ নৱেম্বৰলৈ হ’বলগীয়া এই ESTIC-2025ৰ জৰিয়তে শৈক্ষিক, গৱেষণা প্ৰতিষ্ঠান, উদ্যোগ আৰু চৰকাৰৰ তৰফৰ পৰা ৩ হাজাৰতকৈও অধিক প্রতিনিধিয়ে পৰস্পৰৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাব।
Site Admin | November 4, 2025 2:54 PM | Akashvani | Bharat Mandapam | PMO India | PMO Modi
ভাৰত মণ্ডপমত অত্যাধুনিক বিজ্ঞান আৰু প্ৰযুক্তি উদ্ভাৱন সন্মিলন ESTIC-2025 মুকলি