ভাৰত ভ্ৰমণলৈ অহা ইউৰোপীয় আয়োগৰ সভানেত্ৰী উছুলা ভ’ন দাৰ লেয়ন আজি বিয়লি নতুন দিল্লীত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত দেশৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰনধীৰ জয়ছোৱালে কয়, যে তেওঁৰ এই ভ্রমণে ভাৰত আৰু ইউৰোপীয় সংঘৰ কৌশলগত অংশীদাৰিত্বৰ পৰৱৰ্তী পৰ্যায়ৰ বিষয়ে অন্বেষণ কৰিব। তেওঁ লগতে কয়, যে ভাৰত আৰু ইউৰোপীয় সংঘৰ মাজত পাৰস্পৰিক বিশ্বাস আছে। সোমবাৰে গণৰাজ্য দিৱস উদযাপনত ইউৰোপীয় পৰিষদৰ সভাপতি এণ্টনিঅ’ কোস্তাৰ সৈতে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। দুয়োগৰাকী নেতাই চলিত মাহৰ ২৭ তাৰিখে ভাৰত ইউৰোপীয় সংঘৰ ১৬ সংখ্যক সন্মিলনৰ সহঅধ্যক্ষতাও কৰিব।
সংখ্যালঘূ পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী কিৰেন ৰিজিজুৱে কৈছে যে, ভগৱান বুদ্ধৰ শিকনিসমূহে সম্প্ৰীতিৰ দিশত পথ প্ৰদৰ্শন কৰি আছে আৰু সমগ্ৰ বিশ্বৰ অস্বিত্বক প্রতিফলিত কৰিছে। নতুন দিল্লীত আজি দ্বিতীয় গোলকীয় বৌদ্ধ সন্মিলন ২০২৬ত ভাষণ দি তেওঁ এই কথা প্ৰকাশ কৰে। শ্ৰী ৰিজিজুৱে কয়, যে এখন দেশ শক্তিশালী হৈ উঠাৰ ক্ষেত্ৰত বুদ্ধৰ শিকনি আৰু পথক অনুকৰণ কৰা উচিত। মন্ত্ৰীগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাদীন চৰকাৰে ভগৱান বুদ্ধৰ বাণী আৰু জ্ঞানক প্ৰসাৰ কৰাৰ পদক্ষেপৰ কথা উল্লেখ কৰে। সাংস্কৃতিক মন্ত্ৰালয় আৰু আন্তঃৰাষ্ট্ৰীয় বৌদ্ধ সংঘই যুটীয়াভাৱে এই সন্মিলনৰ আয়োজন কৰিছে।
Site Admin | January 24, 2026 9:16 PM | Akashvani | Akashvani News | Kiren Rijiju | Ursula von der Leyen
ভাৰত ভ্ৰমণলৈ অহা ইউৰোপীয় আয়োগৰ সভানেত্ৰী উছুলা ভ’ন দাৰ লেয়ন দিল্লীত উপস্থিত