প্ৰথমবাৰৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰাৰে ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিক ইউৰোপীয় সংঘ ত্যাগ কৰাৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা সৰ্ববৃহৎ চুক্তি বুলি অভিহিত কৰিছে। ভ্ৰমণৰ আজি প্রথম দিনা মুম্বাইত উদ্যোগপতিসকলক উদ্দেশ্যি দিয়া ভাষণত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বাণিজ্য অংশীদাৰিত্ব অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ কয় যে ব্ৰিটেইনে ভাৰতলৈ প্ৰেৰণ কৰা এয়া হৈছে সর্ববৃহৎ বাণিজ্য অভিযান। যোৱা বছৰ জুলাইত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লণ্ডন ভ্ৰমণৰ সময়ত স্বাক্ষৰিত এই মুক্ত বাণিজ্য চুক্তিৰ জৰিয়তে দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য বছৰি দুহেজাৰ ৫৫০ কোটি পাউণ্ডলৈ বৃদ্ধি পাব বুলি অনুমান কৰা হৈছে। এই চুক্তিত বস্ত্র, বাহন আদিৰ লেখিয়া সামগ্ৰীৰ ওপৰত থকা কৰ হ্ৰাস কৰাৰ ব্যৱস্থা আছে। ইয়াৰ উপৰি এই চুক্তিয়ে দুয়োখন দেশৰ বস্ত্ৰ উদ্যোগ, চামৰা, জোতা-চেণ্ডেল, ক্রীড়া সামগ্ৰী আদি খণ্ডত হাজাৰ হাজাৰ নিয়োগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে। ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে আজি অন্ধেৰিত থকা য়শৰাজ ফিল্ম ষ্টুডিঅ’ পৰিদৰ্শন কৰে। ইয়াৰ পাছত তেওঁ দক্ষিণ মুম্বাইত এখন ফুটবল খেলো উপভোগ কৰে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাই কয় যে কাইলৈ তেওঁ ষ্টাৰমাৰৰ সৈতে এখন বৈঠকত মিলিত হ’ব।
Site Admin | October 8, 2025 9:21 PM | Akashvani | Akashvani News | India-Britanie
ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিক ইউৰোপীয় সংঘ ত্যাগৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা সৰ্ববৃহৎ চুক্তি বুলি অভিহিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰাৰ