ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 23, 2025 7:52 PM | ibsa | PM Modi

printer

ভাৰত, ব্রাজিল আৰু দক্ষিণ আফ্রিকা- ৩খন মহাদেশ, ৩খন বৃহৎ গণতন্ত্র আৰু ৩ টা প্রধান অর্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য

ভাৰত, ব্রাজিল আৰু দক্ষিণ আফ্রিকা চমুকৈ আই বি এছ এ কেৱল তিনিখন দেশৰ এটা গোটেই নহয় বৰঞ্চ ই ৩ খন মহাদেশ, ৩ খন বৃহৎ গণতন্ত্র আৰু ৩ টা প্রধান অর্থনীতিক একগোট কৰা এখন গুৰুত্বপূৰ্ণ মঞ্চ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত প্রকাশ কৰিছে। তিনিওখন দেশে উভয় পক্ষৰে বিকাশৰ ক্ষেত্ৰত পৰিপূৰক হোৱাৰ লগতে দীর্ঘস্থায়ী বিকাশৰ ক্ষেত্ৰত এক নিদর্শন দাঙি ধৰিব পাৰে। জোহান্সবার্গত আই বি এছ এব নেতৃবৰ্গৰ এখন বৈঠকত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে প্রাকৃতিক কৃষি পদ্ধতি, শ্রীঅন্ন, দুর্যোগ ব্যবস্থাপনা, সেউজ শক্তি, পৰম্পৰাগত ঔষধ আৰু স্বাস্থ্য সুৰক্ষা আদিৰ দৰে খণ্ডসমূহত সহযোগিতাৰ ক্ষেত্ৰত থকা সম্ভাৱনাৰ বিষয়েও আলোকপাত কৰে। আফ্ৰিকাৰ ভূমিত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত জি-২০ সম্মিলনৰ লগতে আয়োজিত এই বৈঠকক শ্রীমোদীয়ে অতি সময়োপযোগী বুলি মন্তব্য কৰে। তেওঁ কয় যে একেৰাহে চাৰিবাৰ গোলকীয় দক্ষিণৰ ৰাষ্ট্ৰসমূহে জি-২০ সন্মিলনৰ অধ্যক্ষতা কৰিছে আৰু ইয়াৰে ৩ বাৰেই আই বি এছ এৰ সদস্য ৰাষ্ট্ৰই এই সন্মিলনত অধ্যক্ষতা কৰে। ইয়াৰ জৰিয়তে মানৱ কেন্দ্রীক বিকাশ, বহুপক্ষীয় সংস্কাৰ আৰু দীর্ঘস্থায়ী বিকাশৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি কেইবাটাও মুখ্য পদক্ষেপ গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই ৰাষ্ট্ৰসমূহে অবদান আগবঢ়াইছে। প্রধানমন্ত্রী মোদীয়ে কয় যে বৰ্তমানৰ আন্তৰাষ্ট্ৰীয় প্রতিষ্ঠানসমূহ একবিংশ শতিকাৰ প্ৰয়োজন সমূহৰ সৈতে খাপ নেখায়। তেওঁ আই বি এছ এ ৰাষ্ট্ৰসমূহক নিৰাপত্তা পৰিষদৰ দৰে আন্তৰাষ্ট্ৰীয় প্রতিষ্ঠানৰ সংস্কাৰ সাধন কৰাটো অতি প্রয়োজনীয় বুলি স্পষ্টভাবে কবলৈও আহ্বান জনায়। শিক্ষা, স্বাস্থ্য, মহিলা সৱলীকৰণ আৰু সৌৰশক্তিৰ দৰে বিভিন্ন খণ্ডত আই বি এছ এৰ পুঁজিৰ অধীনত বিশ্বৰ ৪০ খন দেশত চলি থকা ভালেমান প্ৰকল্পৰ কাম-কাজৰ শ্ৰীমোদীয়ে প্রশংসা কৰে। তেওঁ দক্ষিণ-দক্ষিণ সহযোগিতা অধিক শক্তিশালী কৰি তোলাৰ উদ্দেশ্যে বিভিন্ন জলবায়ু উপযোগী কৃষি ব্যৱস্থাৰ বাবে আই বি এছ এ পুঁজি গঠন কৰাৰ বাবেও প্ৰস্তাৱ আগবঢ়ায়। দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামাফোচাই আয়োজন কৰা এই বৈঠকত প্রধানমন্ত্রী মোদীৰ লগতে ব্রাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ লুলা দা চিলভাইও অংশগ্ৰহণ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।