ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকাৰ পিলখানাত অৱস্থিত সীমান্তৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত চাৰিদিনীয়া মহানিৰ্দেশক পৰ্যায়ৰ সীমান্ত সন্মিলনত দুয়ো দেশৰ প্ৰতিনিধিয়ে এটা যুটীয়া বিবৃতিযোগে এই প্ৰতিশ্ৰুতিৰ বিষয়ে প্ৰকাশ কৰে। ভাৰতৰ প্ৰতিনিধি দলটোক সীমান্ত সুৰক্ষা বাহিনীৰ মহানির্দেশক দলজিৎ সিং চৌধুৰীয়ে নেতৃত্ব দিয়ে। ইফালে বাংলাদেশৰ প্ৰতিনিধি দলটোক বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ মহানিৰ্দেশক মেজৰ জেনেৰেল মহম্মদ আশ্রাফুজাম্মান চিদ্দিকিয়ে নেতৃত্ব দিয়ে। চোৰাং কাৰবাৰ, মানৱ সৰবৰাহ, অবৈধ প্ৰৱেশ আৰু সন্ত্ৰাসবাদ নির্মূলৰ বাবে দুয়ো দেশৰ প্ৰতিনিধিয়ে সমন্বিত সীমান্ত পৰিচালনা পৰিকল্পনাত গুৰুত্ব প্ৰদান কৰে। প্ৰতিনিধিসকলে সীমান্তৰ জনসাধাৰণক শিক্ষিত কৰা, আৰ্থসামাজিক উন্নয়ন আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সমীপৰ স্থগিত আন্তঃগাঁথনিৰ প্ৰকল্পসমূহ সম্পন্ন কৰাত গুৰুত্ব আৰোপ কৰে। সীমান্তৰ শান্তি আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দুয়োখন দেশে সন্ত্রাসবাদী আৰু উগ্রবাদীৰ কাৰ্যকলাপ প্ৰতিৰোধৰ বাবে শূন্য সহনশীলতাৰ নীতিত একমত পোষণ কৰে। নদীৰ পাৰৰ সুৰক্ষা আৰু সীমান্তৰ বেৰ নিৰ্মাণৰ ক্ষেত্ৰত দুয়ো দেশে সহযোগিতা আগবঢ়োৱাৰ বাবেও প্রতিশ্রুতিবদ্ধতা প্ৰকাশ কৰে৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।