দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ জোডাঙ্গাত সীমান্ত সুৰক্ষা বাহিনীয়ে আজি এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ কৰে। ধৃত লোকজনক বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ ৰতনপুৰ গাঁৱৰ মিষ্টাৰ আলী বুলি চিনাক্ত কৰা হৈছে। ধৃত লোকজনে আন ৫ জন বাংলাদেশী চোৰাং সৰবৰাহকাৰীৰ সহযোগত কাঁইটীয়া তাৰৰ বেৰ পাৰ হৈ গৰু সৰবৰাহৰ বাবে অসমত প্ৰবেশ কৰিছিল । সীমান্তত টহলধাৰী বি এছ এফ জোৱানে এজনক কৰায়ত্ব কৰে যদিও আন ৫ বাংলাদেশী সৰবৰাহকাৰীযে পলায়ন কৰে। আৰক্ষীয়ে ধৃত লোকজনক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ কৰে।
Site Admin | January 13, 2026 6:35 PM | Akashvani | Akashvani Guwahati | Bangladesi
ভাৰত-বাংলাদেশ সীমান্তৰ জোডাঙ্গাত এজন বাংলাদেশী নাগৰিকক গ্ৰেপ্তাৰ