ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলক নেতৃত্ব দিবলৈ ঢাকাত উপস্থিত বিদেশ সচিব বিক্রম মিশ্ৰী

ভাৰত-বাংলাদেশ বৈদেশিক কাৰ্যালয়ৰ পৰৱৰ্তী পৰ্যায়ৰ আলোচনাত ভাৰতীয় প্ৰতিনিধি দলটোক নেতৃত্ব দিবলৈ ভাৰতৰ বিদেশ সচিব বিক্রম মিশ্ৰী ঢাকাত উপস্থিত হৈছে৷ আজি পুৱা প্ৰায় ৮:৩০ বজাত ভাৰতীয় বায়ুসেনাৰ এখন বিমানেৰে তেওঁ ঢাকাত উপস্থিত হয়। চলিত বৰ্ষৰ ৫ আগষ্টত বাংলাদেশত ৰাজনৈতিক পৰিৱৰ্তনৰ পাছত ভাৰত আৰু বাংলাদেশৰ মাজত এয়া হৈছে প্ৰথমখন উচ্চ পৰ্যায়ৰ আনুষ্ঠানিক বৈঠক। ঢাকাত উপস্থিত হোৱাৰ লগে লগে মিশ্ৰীক বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ৰ দক্ষিণ এছিয়া মণ্ডলৰ সঞ্চালক প্রধান ইশ্ৰত জাহানে আদৰণি জনায়। বাংলাদেশৰ ভাৰতীয় উচ্চায়ুক্ত প্রণয় ভার্মাও আদৰণি কাৰ্যসূচীত উপস্থিত থাকে। ভাৰতৰ বিদেশ সচিব হিচাপে মিশ্ৰীৰ এয়া প্ৰথম বাংলাদেশ ভ্রমণ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰন্ধীৰ জয়ছৱালে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা মতে, বিদেশ সচিবগৰাকীয়ে ঢাকাত সেই দেশৰ বিদেশ সচিবক সাক্ষাৎ কৰিব, আৰু এই ভ্ৰমণৰ সময়ত আন কেইবাখনো বৈঠক অনুষ্ঠিত হ’ব। বৈদেশিক সচিবসকলৰ নেতৃত্বত বৈদেশিক কার্যালয়ৰ আলোচনা ভাৰত-বাংলাদেশৰ মাজত কৌশলগত যোগাযোগ হিচাবে বিবেচিত হৈছে। ইয়াৰ পূৰ্বৰ আলোচনা যোৱা ২৪ নৱেম্বৰত নতুন দিল্লীত অনুষ্ঠিত হৈছিল। এই ভ্ৰমণৰ সময়ত ভাৰতৰ বিদেশ সচিবগৰাকীয়ে বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মোঃ তৌহিদ হোছেইনক সৌজন্যমূলক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। ইয়াৰ পূৰ্বে কালি ঢাকাত এখন আলোচনা চক্ৰত দিয়া ভাষণত বাংলাদেশৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মোঃ তৌহিদ হোছেইনে ভাৰতৰ বিদেশ সচিব গৰাকীৰ এই ভ্ৰমণকালত দুয়ো দেশৰ দ্বিপাক্ষিক স্বার্থজড়িত বিষয়সমূহ আলোচনা কৰা হব বুলি উল্লেখ কৰিছিল। তেওঁ লগতে ভাৰত আৰু বাংলাদেশ চৰকাৰে দ্বিপাক্ষিক সম্পর্ক পূৰ্বৰ স্বাভাৱিক অৱস্থালৈ ঘূৰাই আনিবলৈ সমৰ্থ হব বুলি আশা প্রকাশ কৰিছিল৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।