ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰত-পাকিস্তানৰ ততালিকে কাৰ্যকৰী হোৱাকৈ গুলিবর্ষণ-সামৰিক অভিযান বন্ধৰ সন্মতি

ভাৰত আৰু পাকিস্তানে ততালিকে কাৰ্যকৰী হোৱাকৈ গুলিবর্ষণ আৰু সামৰিক অভিযান বন্ধ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। বিদেশ সচিব বিক্রম মিশ্রিয়ে আজি নতুন দিল্লীত এই বিষয়ে ঘোষণা কৰে। তেওঁ কয়, যে পাকিস্তানৰ সামৰিক অভিযানৰ সঞ্চালক প্রধানে আজি দুপৰীয়া সংঘৰ্ষ বিৰতিৰ বাবে ফোনযোগে আহ্বান জনায় আৰু ইয়াৰ পাছতে বিষয়টোলৈ আলোচনা হয়। এই আলোচনাত দুয়োপক্ষই গুলিবর্ষণ আৰু সামৰিক অভিযান বন্ধ ৰাখিবলৈ সন্মতি প্ৰকাশ কৰে। তেওঁ কয় যে দুয়ো পক্ষই স্থল, জল আৰু আকাশমাৰ্গৰে সকলো ধৰণৰ গুলিবর্ষণ আৰু সামৰিক অভিযান বন্ধ কৰিব। এই সিদ্ধান্ত কাৰ্যকৰী কৰাৰ বাবে দুয়োপক্ষক নিৰ্দেশ দিয়া হৈছে বুলি বিদেশ সচিবগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয়, যে ১২ মে’ত সামৰিক অভিযানৰ সঞ্চালক প্ৰধান পৰ্যায়ৰ আলোচনা পুনৰ অনুষ্ঠিত হ’ব।

অধিক পঢ়ক

সকলো চাওক