June 16, 2025 9:00 PM | PM Cypris

printer

ভাৰত–চাইপ্ৰাছ অংশীদাৰিত্ব গণতান্ত্রিক মূল্যবোধ আৰু আইনৰ শাসনত দৃঢ়তাৰে শিপাই আছে : প্ৰধানমন্ত্ৰী

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰত –চাইপ্ৰাছ অংশীদাৰিত্ব গণতান্ত্রিক মূল্যবোধ আৰু আইনৰ শাসনত দৃঢ়তাৰে শিপাই আছে । তেওঁ কয় যে দুয়োখন দেশৰ মাজৰ মিত্ৰতা পৰিস্থিতি অথবা সীমাৰ দ্বাৰা নিৰ্ধাৰিত নহয়, বৰঞ্চ সময়ৰ সোতত এই বন্ধুত্ব গঢ় লৈ উঠিছে। চাইপ্ৰাছৰ ৰাজধানী নিকোচিয়াত ৰাষ্ট্ৰপতি ভৱনত দেশখনৰ ৰাষ্ট্ৰপতি নিকোচ খ্ৰিষ্ট’ডৌলিদেচৰ সৈতে আজি প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হোৱাৰ পাছত সাংবাদিকৰ আগত শ্রীমোদীয়ে এইদৰে কয় । তেওঁ উল্লেখ কৰে যে, চাইপ্ৰাছৰ ভিজন ২০৩৫ আৰু ভাৰতৰ বিকশিত ভাৰত ২০৪৭ ৰ মাজত বহু সামঞ্জস্য আছে আৰু অহা ৫ বছৰত এই অংশীদাৰিত্বৰ ভৱিষ্যত গঢ় দিয়াৰ বাবে এটা ৰূপৰেখা প্ৰস্তুত কৰা হ’ব। তেওঁ লগতে কয়, যে দুয়োখন দেশে শীঘ্ৰে এখন গতিশীলতা বুজাবুজি চুক্তি স্বাক্ষৰ কৰাৰ বাবে সন্মত হৈছে। শ্রীমোদীয়ে অনাগত ইউৰোপীয় সংঘৰ সভাপতিত্বৰ বাবে চাইপ্ৰাছক শুভেচ্ছা জনোৱাৰ উপৰি ৰাষ্ট্ৰসংঘৰ সুৰক্ষা পৰিষদত ভাৰতৰ স্থায়ী সদস্য পদৰ বাবে দেশখনৰ নিৰন্তৰ সমৰ্থনক আদৰণি জনায়। পশ্চিম এছিয়া আৰু ইউৰোপৰ মাজৰ চলি থকা সংঘৰ্ষক লৈ উদ্বেগ প্রকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে কয়, যে এয়া যুদ্ধৰ যুগ নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁ আলোচনা, সমাধান আৰু স্থিৰতাৰ বাবে আহ্বান জনায়। দুয়োখন দেশে শান্তি আৰু সমৃদ্ধিৰ বাবে ভাৰত –মধ্যপ্রাচ্য –ইউৰোপ অৰ্থনৈতিক কৰিড’ৰৰ প্ৰয়োজনীয়তা সন্দৰ্ভত সন্মতি প্ৰকাশ কৰে। শ্ৰীমোদীয়ে সীমান্তৰ ইপাৰৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ যুঁজক সমৰ্থন আগবঢ়োৱাৰ বাবে চাইপ্ৰাছক ধন্যবাদ জনায়। তেওঁ সন্ত্রাসবাদ, মাদক দ্ৰব্য আৰু অস্ত্ৰ-শস্ত্ৰৰ সৰবৰাহৰ বিৰুদ্ধে দুয়োখন দেশৰ মাজত এটা তথ্য বিনিময় ব্যৱস্থা গঢ়ি তোলাৰ পৰিকল্পনাৰ কথা ঘোষণা কৰে। দুয়োগৰাকী নেতাই প্রতিনিধি পৰ্যায়ৰ বৈঠকত প্ৰতিৰক্ষা, সুৰক্ষা, প্রযুক্তি, স্বাস্থ্য সেৱা, পুনৰ নৱীকৰণযোগ্য শক্তি, জলবায়ু পৰিৱৰ্তন আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰে। তেওঁলোকে লগতে মধ্যপ্রাচ্যৰ পৰিস্থিতি আৰু ইউক্রেইনৰ যুদ্ধকে ধৰি বিভিন্ন আন্তৰাষ্ট্ৰীয় সমস্যা সন্দৰ্ভতো আলোচনা কৰে ৷
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আজি চাইপ্ৰাছৰ সৰ্বোচ্চ সন্মান গ্লেণ্ড ক্ৰছ অব্ দা অৰ্ডাৰ অব মেকাৰিয়ছ থ্ৰীৰে সন্মানিত কৰা হয়। নিক’চিয়াৰ ৰাষ্ট্ৰপতি ভৱনত আয়োজিত এটা আড়ম্বৰপূৰ্ণ অনুষ্ঠানত শ্ৰী মোদীলৈ এই সন্মান আগবঢ়োৱা হয়। উল্লেখযোগ্য যে চাইপ্ৰাছৰ প্ৰথমগৰাকী ৰাষ্ট্ৰপতি আর্কবিছপ মেকাৰিয়ছ খ্ৰীৰ নামেৰে দেশখনে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ বিশিষ্ট নেতৃবৰ্গলৈ তেওঁলোকৰ অসামান্য বৰঙণিৰ প্ৰতি স্বীকৃতি হিচাপে দেশখনে এই সন্মান আগবঢ়াই আহিছে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী মোদীক চাইপ্ৰাছৰ নিকোচিয়াত অৱস্থিত ৰাষ্ট্ৰপতিৰ প্রাসাদত আজি আড়ম্বৰপূৰ্ণভাৱে আদৰণি জনোৱা হয়।
আমাৰ সংবাদদাতাই জনোৱা মতে, শ্ৰীমোদী আৰু চাইপ্ৰাছৰ ৰাষ্ট্ৰপতিয়ে নিক’ছিয়াৰ ঐতিহাসিক কেন্দ্ৰ পৰিদৰ্শন কৰে। ৰাষ্ট্ৰপতি ক্রিষ্ট ডৌলিদেচে শ্রীমোদীক ১৯৭৪ চনৰ পৰা তুৰস্কৰ অধীনত থকা উত্তৰ চাইপ্ৰাছৰ পাৰ্বত্য অঞ্চলটোও দেখুৱায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।