ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী ২০২৫-ত ২২টা পৃথক সংস্থাৰ ৫৬ বিধ নতুন সামগ্ৰী মুকলি

নতুন দিল্লীৰ ভাৰত মণ্ডপমত আয়োজিত ভাৰত গতিশীলতা আন্তঃৰাষ্ট্ৰীয় প্রদর্শনী ২০২৫-ত ২২টা পৃথক সংস্থাৰ ৫৬ বিধ নতুন সামগ্ৰী মুকলি কৰা হৈছে। উদ্যোগ আৰু বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীত কেইবাখনো শেহতীয়া বাহন, অত্যাধুনিক যান-বাহন সম্পৰ্কীয় প্রযুক্তি তথা ছুপাৰ বাইক, চাৰিচকীয়া বাহন, বাছ আৰু এম্বুলেন্সকে ধৰি বিভিন্ন বাহনৰ শেহতীয়া সা-সৰঞ্জাম প্ৰদৰ্শন কৰা হয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা শুকুৰবাৰে এই প্ৰদৰ্শনী মুকলি কৰে। বৃহত্তৰ নয়দা ইণ্ডিয়া এক্সপো চেণ্টাৰ আৰু মাৰ্ট, নতুন দিল্লীৰ য়শোভূমি আৰু ভাৰত মণ্ডপমত ছদিনীয়া কাৰ্যসূচীৰে এই প্ৰদৰ্শনী আয়োজিত হৈছে। মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি এই কাৰ্যসূচীৰ জৰিয়তে সমগ্ৰ দেশৰ যান-বাহন খণ্ডৰ পৰিৱেশতন্ত্রই একেখন মঞ্চত একত্ৰিত হোৱাৰ সুযোগ পাব ।