ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 5, 2025 8:12 PM | AI New Policy

printer

ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নির্দেশনা মুকলি

ইলেকট্রনিকছ আৰু তথ্য-প্রযুক্তি মন্ত্ৰ্যালয়ে ভাৰত কৃত্রিম বুদ্ধিমত্তা পৰিচালন নীতি-নির্দেশনা মুকলি কৰিছে। এই নীতি-নির্দেশনাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত নিৰাপদ, সর্বাত্মক আৰু দায়িত্বশীল কৃত্রিম বুদ্ধিমত্তা প্ৰণালীৰ গ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সর্বাত্মক পৰিকাঠামোৰ দিহা কৰা হৈছে। কেন্দ্ৰীয় চৰকাৰৰ প্ৰধান বৈজ্ঞানিক উপদেষ্টা অজয় কুমাৰ চুডে মন্ত্ৰ্যালয়ৰ সচিব এছ কৃষ্ণনৰ উপস্থিতিত আজি নতুন দিল্লীত এই নীতি-নির্দেশনা মুকলি কৰে। এই উপলক্ষে প্ৰফেচাৰ চুডে কয়, যে কাৰো ক্ষতি সাধন নকৰাটো এই পৰিকাঠামোৰ মূল ভাবনা। তেওঁ কয়, যে ভাৰতে উদ্ভাৱনৰ বাবে ছেণ্ট বক্স অর্থাৎ উপ-প্রণালী গঢ়ি তোলাৰ বাবে আৰু সুগম তথা অনুকূল প্ৰণালীৰ ভিতৰত বিপদাশংকা প্রশমনৰ বিষয়ে গুৰুত্ব আৰোপ কৰিছে। ভাৰত কৃত্রিম বুদ্ধিমত্তা মিছনে এই তন্ত্র অধিক সমৰ্থৱান কৰি তুলিব আৰু আন ভালেমান ৰাষ্ট্ৰক অনুপ্রাণিত কৰিব।