ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰত এখন উন্নয়নশীল দেশৰ পৰা বিগত ১১ বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে

লোকসেৱা আৰু সুশাসনৰ দ্বাৰা পৰিচালিত হৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত চৰকাৰে পৰিৱৰ্তন আৰু প্রগতি অনাৰ বাবে নিৰন্তৰ কাম কৰি আহিছে। ক্ৰমবৰ্ধমান শক্তিৰ চাহিদাৰ এখন উন্নয়নশীল দেশৰ পৰা ভাৰত যোৱা ১১ টা বছৰত জলবায়ু সংৰক্ষণৰ ক্ষেত্ৰত বিশ্বৰ এখন অগ্ৰণী দেশত পৰিগণিত হৈছে। বনভূমিৰ সংৰক্ষণৰ পৰা পৰিৱেশ সুৰক্ষাক ন্যায়িক মর্যাদা প্ৰদান, সৌৰশক্তি ব্যৱহাৰৰ পৰা সেউজ শক্তিৰ বিবিধ ব্যৱহাৰলৈ গতি কৰি ভাৰতে বহনক্ষম বিকাশ আৰু পৰিৱেশ সংৰক্ষণ যে একেলগে আগবাঢ়িব পাৰে, তাক প্ৰমাণ কৰিছে।

পেৰিছত অনুষ্ঠিত পৰিৱেশ সংৰক্ষণ বিষয়ক ৰাষ্ট্ৰসংঘৰ একবিংশ সন্মিলনত ভাৰতে ২০৩০ চনৰ ভিতৰত দেশখনত ৪০ শতাংশ নিকা শক্তিৰ ব্যৱহাৰ কৰাৰ অংগীকাৰ কৰিছিল। কিন্তু নিৰ্ধাৰিত সময়সীমাৰ ৯ বছৰ পূর্বেই অর্থাৎ ২০২১ চনতে ভাৰত এই লক্ষ্যত উপনীত হ’ল। যোৱা বছৰৰ ছেপ্তেম্বৰ মাহত আমেৰিকা যুক্তৰাষ্ট্ৰ ভ্ৰমণৰ সময়ত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুৰুত্ব সহকাৰে উল্লেখ কৰিছিল যে বিশ্বৰ ১৭ শতাংশ জনসংখ্যা থকা ভাৰতবৰ্ষই বিশ্বৰ দেশসমূহৰ ভিতৰত ৪ শতাংশতকৈ কম কার্বন নিগমন কৰে।

আমাৰ দেশে বিশ্বজনীন ৰূপত পৰিৱেশৰ বাবে জীৱন যাত্ৰা অৰ্থাৎ দৈনন্দিন জীৱনযাত্ৰাত সাধাৰণ আৰু বহনক্ষম পদ্ধতি অৱলম্বনৰ কথা বিশ্ব সমুদায়ৰ ওচৰত দাঙি ধৰে। আজাৰবাইজানৰ ৰাজধানী বাকুত অনুষ্ঠিত পৰিৱেশ সংৰক্ষণ বিষয়ক ৰাষ্ট্ৰসংঘৰ ঊনত্রিংশ সন্মিলনত ভাৰতে সেউজ হাইড্ৰ’জেনৰ ব্যৱহাৰৰ ক্ষেত্ৰত লাভ কৰা সফলতা, ঔদ্যোগিক ব্যৱহাৰত কাৰ্বনৰ মাত্ৰা হ্ৰাস কৰা আৰু জলবায়ু সংৰক্ষণৰ প্ৰয়াসত মহিলাৰ নেতৃত্বৰ বিষয়ে আলোকপাত কৰিছিল। অষ্ট্ৰেলিয়াৰ সমাজসেৱক ড° এনড্রিউ ফৰেষ্টে পৰিৱেশ বিনষ্টকৰণৰ বিৰুদ্ধে প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বক ভূয়সী প্ৰশংসা কৰে।

সাহসিকতাপূৰ্ণ প্ৰতিশ্ৰুতি আৰু প্ৰকৃত কাম-কাজেৰে ভাৰতবৰ্ষই পৰিৱেশ ৰক্ষাৰ বিশ্ব পৰ্যায়ৰ আলোচনাত অংশগ্ৰহণ কৰাই নহয়, এই সমগ্ৰ প্ৰক্ৰিয়াটোক নতুন গতি প্ৰদান কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।