● ভাৰত আৰু সংযুক্ত আৰৱ আমেৰী ৰাষ্ট্ৰই ভাৰত-ইউ এ ই ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব চুক্তিৰ অধীনত যুটীয়া সমিতিৰ তৃতীয়খন বৈঠক সফলভাৱে অনুষ্ঠিত কৰে। নতুন দিল্লীত কালি বাণিজ্য বিভাগৰ অতিৰিক্ত সচিব অজয় ভাদো আৰু ইউ এ ইৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য পৰিক্ৰমাৰ সহকাৰী সচিব জুমা অল কেইটে এই বৈঠকত সহ-অধ্যক্ষতা কৰে। দুয়োখন দেশে দ্বিপাক্ষিক বাণিজ্যৰ বিকাশক আদৰণি জনোৱাৰ লগতে ভাৰতৰ মুখ্য বাণিজ্য অংশীদাৰ হিচাপে ইউ এ ইৰ স্থিতি পুনৰ নিশ্চিত কৰে। উল্লেখযোগ্য যে, ভাৰত আৰু ইউএ ইৰ মাজৰ দ্বিপাক্ষিক বাণিজ্য ২০২৪-২৫ বৰ্ষত ১০০ বিলিয়ন আমেৰিকান ডলাৰ অতিক্ৰম কৰি ১৯.৬ শতাংশলৈ বৃদ্ধি হৈছে।
ভাৰত-ইউ এ ই যুটীয়া সমিতিয়ে বিকাশৰ পৰ্য্যালোচনা, প্ৰত্যাহ্বানৰ সমাধান তথা ব্যাপক অর্থনৈতিক অংশীদাৰিত্ব চুক্তি ৰূপায়ণৰ বাবে প্ৰাথমিক প্রতিষ্ঠানগত ব্যৱস্থা হিচাপে সেৱা আগবঢ়ায়। দুয়োখন দেশে এই চুক্তিৰ অধীনত বিকাশৰ বিভিন্ন দিশ পৰ্য্যালোচনা কৰাৰ লগতে বজাৰৰ উপলভ্যতা, তথ্যৰ ভাগ-বটোৱাৰা, অন্যান্য সেৱা আৰু বি আই এছ লাইচেন্স সন্দৰ্ভত আলোচনা কৰে।