ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 15, 2024 3:22 PM | Dr. S Jaishankar

printer

ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জৰ বন্ধুত্বপূৰ্ণ দ্বিপাক্ষিক সম্পৰ্কৰ এটা দীঘলীয়া ইতিহাস আছে। এই সম্পর্ক বিগত বছৰসমূহত অধিক সুদৃঢ় হৈ পৰিছে বুলিও ড০ জয়শংকৰে প্ৰকাশ কৰে। মাৰ্ছেল দ্বীপপুঞ্জত সমুদায় বিকাশৰ চাৰিটা প্ৰকল্প ৰূপায়নৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰাৰ সময়ত এটা বাৰ্তাত ড০ জয়শংকৰে প্রশান্ত মহাসাগৰৰ এই দ্বীপপুঞ্জ ক্ষুদ্র নহয় বৰং বৃহৎ সামুদ্রিক দেশ বুলি মন্তব্য কৰে। তেওঁ কয় যে, বহনক্ষম উন্নয়নৰ ক্ষেত্ৰত প্ৰশান্ত মহাসাগৰৰ দ্বীপসমূহৰ প্ৰতি সমৰ্থন আগবঢ়োৱাটো ভাৰতে নিজৰ দায়িত্ব হিচাপে বিবেচনা কৰে। তেঁও লগতে কয় যে, জলবায়ু পৰিৱৰ্তন, প্রাকৃতিক দুর্যোগ, দৰিদ্ৰতা নির্মূল আৰু স্বাস্থ্য খণ্ডৰ দৰে প্ৰত্যাহ্বানসমূহ ভাৰত আৰু মাৰ্ছেল দ্বীপপুঞ্জই একেলগে সমাধান কৰাৰ চেষ্টা কৰাতো প্রয়োজন। এই ক্ষেত্ৰত প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ অংশীদাৰ হোৱাটো ভাৰতৰ বাবে বিশেষভাৱে গুৰুত্বপূৰ্ণ বিষয় বুলি ড০ জয়শংকৰে মত প্রকাশ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।