নতুন দিল্লীত কালি অনুষ্ঠিত ভাৰত আৰু ভিয়েটনামৰ মাজৰ ত্ৰয়োদশ ৰাজনৈতিক আলোচনা আৰু দশম কৌশলগত আলোচনাত বৈদেশিক পৰিক্ৰমা দপ্তৰৰ পি কুমাৰাণ আৰু ভিয়েটনামৰ উপ বৈদেশিক দপ্তৰৰ মন্ত্রী নুয়েন মান কুয়ঙে অংশগ্ৰহণ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এটা বিবৃতিত কয়,যে ৰাজনৈতিক আলোচনাৰ সময়ত দুয়োপক্ষই ২০২০ বৰ্ষৰ ডিচেম্বৰত দুয়োখন দেশৰ প্ৰধানমন্ত্ৰীয়ে গ্ৰহণ কৰা ‘শান্তি,সমৃদ্ধি আৰু জনসাধাৰণৰ যুটীয়া দৃষ্টিভংগী’ আৰু ২০২৪ বৰ্ষত ভিয়েটনামৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণৰ সময়ত আগষ্ট মাহত স্বাক্ষৰিত ২০২৪-২০২৮ বৰ্ষৰ কাৰ্য পৰিকল্পনাৰ দ্বাৰা পৰিচালিত ভাৰত আৰু ভিয়েটনামৰ সৰ্বাংগীন কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰে । দুয়োপক্ষই কালি ৰাজনীতি, প্ৰতিৰক্ষা আৰু নিৰাপত্তা, সামুদ্রিক, বাণিজ্য আৰু বিনিয়োগ, কৃষি, ঔষধ, শক্তি, বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাকে ধৰি সকলো দ্বিপাক্ষিক সহযোগিতা সন্দৰ্ভত কালি দুয়োপক্ষই আলোচনা কৰে। ঐতিহ্য সংৰক্ষণ আৰু পুনৰুদ্ধাৰ প্ৰকল্প, দ্রুত প্ৰভাৱ থকা প্রকল্প, আই টি ই চি আৰু ই আই টি ই চি পদক্ষেপ তথা বৃত্তিৰ জৰিয়তে ভাৰত আৰু ভিয়েটনামৰ মাজত চলি থকা উন্নয়নমূলক সহযোগিতাৰ ওপৰতো কালি দুয়োপক্ষই সন্তুষ্টি প্ৰকাশ কৰে। কৌশলগত আলোচনাৰ সময়ত কালি দুয়োপক্ষই পাৰস্পৰিক স্বাৰ্থৰ আঞ্চলিক আৰু আন্তৰাষ্ট্ৰীয় বিষয়সমূহ সন্দৰ্ভত মত বিনিময় কৰে। সীমান্তৰ সিপাৰৰ সন্ত্ৰাসবাদকে ধৰি সকলো ধৰণৰ সন্ত্ৰাসবাদকে দুয়োখন দেশে তীব্ৰ গৰিহণা দিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতে কৰা যুঁজখনৰ প্ৰতি ভিয়েটনামৰ সহমর্মিতা আৰু সহযোগিতাৰ ভাৰতে শলাগ লয়। ২০২৫ বৰ্ষৰ মে’ মাহত ভিয়েটনামত প্ৰথমবাৰৰ বাবে গৌতম বুদ্ধৰ পৱিত্ৰ অৱশেষ প্ৰদৰ্শন কৰাৰ বাবে কালি বৈঠকত ভিয়েটনাম পক্ষই ভাৰতৰ প্রতি কৃতজ্ঞতা প্রকাশ কৰে।
Site Admin | June 26, 2025 10:50 AM | India-Vietnam
ভাৰত আৰু ভিয়েটনামৰ মাজত ত্ৰয়োদশ ৰাজনৈতিক আলোচনা