ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত পোষণ কৰিছেঃ প্ৰধানমন্ত্ৰী

সেউজ শক্তি, সেউজ হাইড্ৰজেন আৰু জৈৱ ইন্ধনৰ দৰে খণ্ডসমূহত ভাৰত আৰু পাৰাগুৱেৰ নিজৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু পাৰাগুৱেৰ ৰাষ্ট্ৰপতি ছাণ্টিয়াগো পেনা পালাচিঅ’চৰ মাজত সম্পন্ন হোৱা প্ৰতিনিধি পৰ্যায়ৰ বৈঠকৰ সময়ত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বৈঠকত দুয়োখন দেশে চাইবাৰ অপৰাধ, ড্ৰাগছ সৰবৰাহ আদিৰ বিৰুদ্ধে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এই উপলক্ষে ভাষণ দি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰত আৰু পাৰাগুৱে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যমত পোষণ কৰিছে। ডিজিটেল প্রযুক্তি, কৃষি, প্ৰতিৰক্ষা, ৰেল, মহাকাশ আদি খণ্ডত দুয়োখন দেশৰে বহু সম্ভাৱনা আছে বুলি শ্রীমোদীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে পাৰাগুৱে হৈছে দক্ষিণ আমেৰিকাৰ গুৰুত্বপূৰ্ণ অংশ। দুয়োখন দেশতে বাণিজ্যিক ক্ষেত্র বৃদ্ধিৰো বহু সম্ভাৱনা আছে বুলি শ্ৰীমোদীয়ে উল্লেখ কৰে। পাৰাগুৱেৰ ৰাষ্ট্ৰপতিগৰাকী আজি পুৱা ৩ দিনীয়া ভাৰত ভ্ৰমণসূচীৰে নতুন দিল্লীত উপস্থিত হৈছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে ৰাষ্ট্ৰপতি পালাচিঅ’চক সাক্ষাৎ কৰি বিভিন্ন ক্ষেত্ৰত ভাৰত আৰু পাৰাগুৱেৰ সহযোগিতা বৃদ্ধিৰ বাবে তেওঁৰ ইতিবাচক চিন্তা আৰু নিৰ্দেশনাৰ শলাগ লয়। ৰাষ্ট্ৰপতিগৰাকীয়ে নতুন দিল্লীৰ ৰাজঘাট পৰিদৰ্শন কৰে আৰু মহাত্মা গান্ধীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। ৰাষ্ট্ৰপতি দ্রৌপদী মুমু, উপৰাষ্ট্ৰপতি জগদীপ ধনখড়কো পাৰাগুৱেৰ ৰাষ্ট্ৰপতিগৰাকীয়ে সাক্ষাৎ কৰাৰ কথা আছে। অহা বুধবাৰে পাৰাগুৱেলৈ উভতি যোৱাৰ পূৰ্বে ৰাষ্ট্ৰপতি পালা চিঅ’চিছে মুম্বাই ভ্ৰমণ কৰিব। মুম্বাইত তেওঁ ৰাজনৈতিক নেতা আৰু ব্যৱসায় আৰু উদ্যোগৰ প্ৰতিনিধিৰ লগতে প্ৰযুক্তিৰ সৈতে জড়িত আগশাৰীৰ লোকসকলক সাক্ষাৎ কৰিব। ভাৰত আৰু পাৰাগুৱে ১৯৬১চনত কূটনৈতিক সম্পৰ্ক স্থাপনেৰে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া বন্ধুত্বপূর্ণ সম্পর্ক অব্যাহত ৰাখিছে। লেটিন আমেৰিকাৰ দেশসমূহত পাৰাগুৱে ভাৰতৰ বাবে উল্লেখযোগ্য বাণিজ্যিক অংশীদাৰ। অটোমোবাইল, ঔষধ প্রস্তুতকাৰী কেইবাটাও ভাৰতীয় কোম্পানীয়ে পাৰাগুৱেত নিজৰ আধিপত্য অব্যাহত ৰাখিছে। ভাৰততো পাৰাগুৱেৰ বহুতো কোম্পানী আছে। যিয়ে দুয়োখন দেশৰ অর্থনৈতিক সম্পৰ্কত গুৰুত্বপূৰ্ণ অৰিহণা আগবঢ়াইছে। লগতে দুয়োখন দেশে জলবায়ু পৰিবৰ্তন, নৱীকৰণযোগ্য শক্তি, সন্ত্রাসবাদ বিৰোধী অভিযান আদিত ঐক্যমত পোষণ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।