ভাৰত আৰু পাকিস্তানৰ মাজৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠক

● ভাৰত আৰু পাকিস্তানৰ মাজৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ খন সদস্য ৰাষ্ট্ৰৰ অস্থায়ী সদস্য পাকিস্তানে এই বৈঠকৰ বাবে অনুৰোধ জনাইছিল। চলিত মাহৰ বাবে পৰিষদৰ অধ্যক্ষতাৰ দায়িত্ব বহন কৰি থকা গ্ৰীচে পৰিষদৰ কক্ষৰ কাষতে পৰামৰ্শৰ বাবে থকা এটা কোঠাত এই বৈঠকৰ তদাৰক কৰে। বৈঠকত মধ্য প্রাচ্য, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাজনৈতিক শান্তি পৰিক্ৰমা আৰু শান্তি অভিযান বিভাগৰ সহকাৰী সচিবপ্রধান খালেদ মহম্মদ খিয়াৰিয়ে গ্ৰীচক দুয়োখন ৰাষ্ট্ৰৰ পৰিস্থিতি সন্দৰ্ভত অৱগত কৰে।

ইপিনে ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিয় গুটেৰেছে কালি ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হোৱাৰ পূৰ্বে দুয়োখন দেশকে সংযম ৰক্ষা কৰি চলিবলৈ আহ্বান জনায়। নিউয়র্কত থকা ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সচিবপ্ৰধানগৰাকীয়ে পেহেলগামত সংঘটিত আক্ৰমণৰ ঘটনাৰ পাছত বৃদ্ধি পোৱা উত্তেজনাৰ ফলত ভাৰত আৰু পাকিস্তানৰ মাজত সামৰিক সংঘৰ্ষৰ সৃষ্টি হ’ব পাৰে বুলি উদ্বেগ প্ৰকাশ কৰে। ইপিনে পেহেলগামত সংঘটিত আক্ৰমণৰ ঘটনাক পুনৰবাৰ গৰিহণা দি সচিবপ্ৰধানগৰাকীয়ে সাধাৰণ নাগৰিকক আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো কোনোপধ্যেই গ্রহণযোগ্য নহয় বুলি প্ৰকাশ কৰে। তেওঁ লগতে শান্তিৰ হকে কূটনীতিকে ধৰি যিকোনো উদ্যমৰ বাবে ৰাষ্ট্ৰসংঘ সাজু বুলি জানিবলৈ দিয়ে।