ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ টেষ্ট ক্রিকেট শৃংখলাৰ অন্তিমখন খেল কাইলৈ মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ ৩ খনীয়া টেষ্ট ক্রিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেল কাইলৈ মুম্বাইৰ বাংখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। খেলখন পুৱা চাৰে ন বজাত আৰম্ভ হ’ব। একেৰাহে ১৮ টা শৃংখলাত জয়ৰ ধাৰা ভংগ হোৱা আৰু শৃংখলাত ২-০ ফলাফলত পাছ পৰি থকা ভাৰতীয় দলে এই খেলখনত জয়লাভ কৰি প্ৰথমবাৰৰ বাবে দেশৰ মাটিত টেষ্ট ক্রিকেট শৃংখলাৰ আটাইকেইখন খেলত পৰাজয়ৰ গ্লানিৰ পৰা ৰক্ষা পৰাৰ চেষ্টা চলাব। ইয়াৰ উপৰি ভাৰতে অহা বছৰ জুনত লৰ্ডছত হবলগীয়া বিশ্ব টেষ্ট ছেম্পিয়নশ্বিপৰ ফাইনেলৰ দৌৰত বৰ্তি থাকিবলৈ হলে এই খেলখনত জয়লাভ কৰিবই লাগিব। উল্লেখযোগ্য যে আলহী দল নিউজিলেণ্ডে বাংগালুৰুত অনুষ্ঠিত প্ৰথমখন টেষ্টত ৮ উইকেটত জয়লাভ কৰাৰ বিপৰীতে পুণেত অনুষ্ঠিত দ্বিতীয়খন টেষ্টত ১১৩ ৰাণত বিজয় সাব্যস্ত কৰিছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।