ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন টেষ্টৰ প্ৰথম দিনৰ খেল বৰষুণৰ বাবে বাতিল

ভাৰত আৰু নিউজিলেণ্ডৰ মাজৰ তিনিখনীয়া ক্রিকেট শৃংখলাৰ বাংগালুৰুৰ এম চিন্নস্বামী ষ্টেডিয়ামত হ’বলগীয়া প্ৰথমখন টেষ্টৰ প্ৰথম দিনৰ খেল আজি বৰষুণৰ বাবে বাতিল কৰিবলগীয়া হয়। খেলখন কাইলৈ নিৰ্ধাৰিত সময়তকৈ পূৰ্বে আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। ভাৰত সম্প্ৰতি আই চি চি বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ পইণ্ট তালিকাত শীৰ্ষত আছে আৰু এই শৃংখলাত জয়ী হ’লে একেৰাহে তৃতীয়বাৰৰ বাবে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপত ফাইনেলত প্ৰবেশ কৰাৰ সম্ভাৱনা প্ৰৱল হৈ উঠিব। ৰোহিত শর্মা নেতৃত্বাধীন ভাৰতীয় দলে ২০১২-১৩ খেলবৰ্ষৰ পাছত দেশৰ মাটিত একেৰাহে ১৯ সংখ্যক শৃংখলা জয়ৰ লক্ষ্যৰে শৃংখলাত অৱতীৰ্ণ হ’ব। শৃংখলাৰ দ্বিতীয়খন খেল ২৪ৰ পৰা ২৮ অক্টোবৰলৈ পুণেৰ মহাৰাষ্ট্ৰ ক্ৰিকেট এছোচিয়েছন ষ্টেডিয়ামত অনুষ্ঠিত হ’ব। তৃতীয় তথা অন্তিমখন খেল ১ৰ পৰা ৫ নৱেম্বৰলৈ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত খেলোৱা হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।