ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত গুৱাহাটী টেষ্টত ভাৰতীয় দলটো বিপর্যয়ৰ গৰাহত পৰিছে । চতুর্থ দিনটোত দক্ষিণ আফ্রিকাই দ্বিতীয় ইনিংছত ৫ উইকেটৰ বিনিময়ত ২৬০ ৰান সংগ্ৰহ কৰি ভাৰতক ৫৪৯ ৰানৰ বিশাল লক্ষ্য বান্ধি দিয়ে। বিপৰীতে ভাৰতে চতুর্থ দিনৰ অন্তত ১৫ অভাৰ ৫টা বল খেলি দুটা উইকেট হেৰুৱাই ২৭ ৰান সংগ্ৰহ কৰে। হাতত এটা দিন আৰু ৮ উইকেট থকা অৱস্থাত ৫২২ ৰানত পিছপৰি আছে। গুৱাহাটীৰ বৰ্ষাপাৰাত থকা অসম ক্রিকেট এছ’চিয়েচনৰ ষ্টেডিয়ামত চলি থকা খেলখনত দক্ষিণ আফ্ৰিকাৰ দ্বিতীয় ইনিংছত ষ্টিটান ষ্টাব্ছে সৰ্বাধিক ৯৪ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰবীন্দ্ৰ জাডেজাই ৪টা আৰু ৱাশ্বিংটন সুন্দৰে এটা উইকেট লাভ কৰে ৷
Site Admin | November 25, 2025 10:23 PM | aca cricket
ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত চলিত গুৱাহাটী টেষ্টত ভাৰতীয় দলটো বিপর্যয়ৰ গৰাহত