ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 3, 2024 6:04 PM | Dr. S Jaishankar

printer

ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পর্ক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছেঃ ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কৈছে যে, ভাৰত আৰু ছিংগাপুৰৰ দ্বিপাক্ষিক সম্পর্ক পৰৱৰ্তী পৰ্যায়লৈ লৈ যোৱাৰ সময় আহি পৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ছিংগাপুৰ ভ্ৰমণৰ পূৰ্বে এখন দৈনিক ইংৰাজী কাকতত দিয়া এটা সাক্ষাৎকাৰত শ্ৰী জয়শংকৰে যোৱা দুটা দশকত দুয়োখন দেশৰ সম্পৰ্ক যথেষ্ট সুদৃঢ় হৈ আহিছে বুলি উল্লেখ কৰে।Image Image তেওঁ কয় যে, দ্বিপাক্ষিক সম্পৰ্কৰ বাহিৰেও অস্থিৰ আৰু অনিশ্চিত পৃথিৱীখনত দুয়োখন দেশৰ সহযোগিতাৰ বিষয়টোও এটা উল্লেখযোগ্য দিশ। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে, এই ক্ষেত্ৰত দুয়োখন দেশে বিশ্বাস আৰু বুজাবুজিৰ মাজেৰে সম্পৰ্ক সুদৃঢ় কৰি ৰাখিব লাগিব। আনহাতে ছিংগাপুৰত থকা ভাৰতীয় উচ্চায়ুক্ত ড০ শিল্পক আম্বুলে কয় যে, ভাৰত আৰু ছিংগাপুৰে নতুন তথা উদীয়মান ক্ষেত্ৰসমূহত অধিক উন্নয়নৰ বাবে সম্পৰ্ক স্থাপন কৰিছে। তেওঁ কয় যে, আছিয়ান দেশসমূহৰ সৈতে ভাৰত সম্পর্কিত হৈ থকাৰ ক্ষেত্ৰত ছিংগাপুৰ স্তম্ভ হৈ আছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।