ভাৰত আৰু চৌদি আৰৱে ৰিয়াধত দ্বিপাক্ষিক ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ কৰিছে। চৌদি আৰৱত থকা ভাৰতীয় ৰাষ্ট্রদূত সুহেল এজাজ খান আৰু চৌদি আৰৱৰ বিদেশ মন্ত্ৰ্যালয়ৰ প্ৰট’ক’ল পৰিক্ৰমা উপ-মন্ত্ৰী আব্দুলমজিদ বিন ৰাচিদ অলমৰিয়ে আজি এই চুক্তিত স্বাক্ষৰ কৰে। ইয়াৰ ফলত আনুষ্ঠানিক যাত্রা সুচল হ’ব আৰু ভাৰত-চৌদি আৰৱ কৌশলগত সহযোগিতা পৰিষদৰ অধীনত দ্বিপাক্ষিক আদান-প্ৰদানৰ প্ৰসাৰ ঘটিব। এই চুক্তিৰ অধীনত দুয়ো দেশৰ কূটনীতিবিদ, বিশেষ আৰু আনুষ্ঠানিক পাছপ’ৰ্টধাৰকসকলে হ্রস্বকালীন ভিজা সম্পৰ্কীয় আৱশ্যকীয় নীতি-নিয়মৰ পৰা ৰেহাই লাভ কৰিব। চৌদি আৰৱত থকা ভাৰতীয় দূতাবাসে সামাজিক মাধ্যমযোগে দিয়া এটা বিবৃতিত উভয় দেশৰ মাজৰ কৌশলগত সহযোগিতা সুদৃঢ় কৰাই এই চুক্তিৰি উদ্দেশ্য বুলি প্ৰকাশ কৰিছে।
Site Admin | December 18, 2025 4:41 PM | Akashvani | Akashvani News
ভাৰত আৰু চৌদি আৰৱে ৰিয়াধত দ্বিপাক্ষিক ভিছা ৰেহাই চুক্তিত স্বাক্ষৰ