ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ

ভাৰত আৰু ক্ৰৱেছিয়াই গোলকীয় শান্তি, গণতান্ত্রিক প্ৰমূল্য আৰু পাৰস্পৰিক সহযোগিতা শক্তিশালী কৰাৰ বাবে যুটীয়াভাৱে সন্মতি প্ৰকাশ কৰিছে। দুয়ো দেশে কৃষি, সাংস্কৃতিক বিনিময়, বিজ্ঞান আৰু প্ৰযুক্তি তথা ক্ৰ’ৱেছিয়াৰ ৰাজধানী জাগ্রেবত ভাৰতীয় সাংস্কৃতিক সম্পর্ক পৰিষদ, আই চি চি আৰৰ এখন আসন প্ৰতিষ্ঠাৰ বাবে ৪খন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। দুয়ো দেশে সামৰিক বিনিময়, যুটীয়া প্ৰশিক্ষণ আৰু ঔদ্যোগিক অংশীদাৰিত্ব বৃদ্ধিৰ বাবে দীৰ্ঘম্যাদী প্ৰতিৰক্ষা সহযোগিতা পৰিকল্পনা যুগুত কৰাৰ বাবেও সিদ্ধান্ত লৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ক্ৰ’ৱেছিয়া, কানাডা তথা চাইপ্ৰাছ ভ্ৰমণ সামৰি নতুন দিল্লীলৈ উভতি আহিছে। এই ভ্রমণ কালত প্রধানমন্ত্ৰীয়ে ক্ৰৱেছিয়াৰ প্ৰধানমন্ত্রী আন্দ্রে প্লেংকোভিকৰ সৈতে দুয়ো দেশৰ সম্পৰ্ক শক্তিশালী কৰাৰ বাবে আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই দ্বিপাক্ষিক বাণিজ্য শক্তিশালী কৰাৰ লগতে স্থিতিস্থাপক আৰু নিৰ্ভৰযোগ্য যোগান শৃংখলা গঢ়ি তোলাৰ বাবে সন্মতি প্ৰকাশ কৰে। তদুপৰি ফার্মাচিউটিকেলছ, কৃষি, তথ্য প্ৰযুক্তি, স্বচ্ছ আৰু ডিজিটেল প্ৰযুক্তি, নৱীকৰণযোগ্য শক্তি আৰু ছেমিকণ্ডাক্টৰকে ধৰি দ্বিপাক্ষিক সহযোগিতাৰ কেতবোৰ নতুন ক্ষেত্ৰক চিনাক্ত কৰা হয়। প্রধানমন্ত্ৰী মোদীয়ে জাহাজ নির্মাণ, চাইবাৰ সুৰক্ষা আৰু প্ৰতিৰক্ষা ক্ষেত্ৰত সহযোগিতাত বিষয় উত্থাপন কৰে। এই বৈঠকত প্রধানমন্ত্ৰীয়ে বিভিন্ন ৰাষ্ট্ৰৰ মাজত হোৱা সংঘাতৰ শান্তিপূর্ণ সমাধানৰ ওপৰত গুৰুত্ব আৰোপ কৰি যুদ্ধক্ষেত্ৰত কোনো সমস্যাৰ সমাধান নহয় বুলি উল্লেখ কৰে। তেওঁ কয়, যে আলোচনা আৰু কূটনৈতিক বুজাপৰাই সমাধানৰ একমাত্র পথ। সন্ত্রাসবাদক মানৱতাৰ শত্ৰু বুলি অভিহিত কৰি শ্ৰীমোদীয়ে জম্মু-কাশ্মীৰৰ পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেশখনৰ নেতৃত্বই ভাৰতৰ প্ৰতি আগবঢ়োৱা সমৰ্থনত সন্তোষ প্ৰকাশ কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্ৰী মোদীৰ এয়া আছিল প্ৰথম চৰকাৰী ক্ৰ’ৱেছিয়া ভ্ৰমণ।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।