মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত আজি ইজৰাইলৰ ৰাষ্ট্রদূত ৰিঅ’ভেন আজাৰৰ উপস্থিতিত ইণ্ডো-ইজৰাইল চেণ্টাৰ অব এক্সেলেন্স ফৰ ভিজিটেবল্ছ শীৰ্ষক কেন্দ্ৰটো উদ্বোধন কৰে। ভাৰত আৰু ইজৰাইলৰ মাজত সৌহার্দপূর্ণ সম্পর্ক আছে আৰু ইয়াৰ পৰা অসমেও লাভান্বিত হ’ব বুলি মুখ্যমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে। আজিৰ দিনটো অসমৰ কৃষি ক্ষেত্ৰত মাইলৰ খুটি বুলি মুখ্যমন্ত্রীয়ে অভিহিত কৰে। তেওঁ কয় যে ইজৰাইলৰ সৈতে সহযোগিতাৰে আৰম্ভ কৰিবলৈ লোৱা এই কেন্দ্ৰটোই অসমৰ কৃষিক্ষেত্রক বিশেষভাৱে শক্তিশালী কৰাত সহায় কৰিব। তেওঁ ইজৰাইলৰ দূতাবাস আৰু কেন্দ্ৰীয় চৰকাৰৰ বিষয়ববীয়াৰ লগতে ৰাজ্য চৰকাৰৰ কৃষি আৰু উদ্যান শস্য বিভাগকো ধন্যবাদ জ্ঞাপন কৰে।
উল্লেখযোগ্য যে অসম ৰাজ্যিক উদ্যান শস্য অভিযানৰ অধীনত ভাৰত-ইজৰাইল কৃষি প্ৰকল্প অর্থাৎ আই আই এ পিৰ অংশীদাৰিত্বৰে এই কেন্দ্ৰটো স্থাপন কৰা হৈছে। অত্যাধুনিক প্ৰযুক্তিৰ সুবিধাৰে সুসজ্জিত এই কেন্দ্ৰটোৰ জৰিয়তে বাণিজ্যিক মূল্য থকা শস্যৰ উৎপাদনত গুৰুত্ব আৰোপ কৰা হৈছে। তদুপৰি বছৰ জোৰা খেতিৰ বাবে কৌশলগত পৰিকল্পনাৰে কৃষকসকলক উপকৃত কৰাৰ প্ৰয়াস কৰা হৈছে।