ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰত আৰু ইংলেণ্ডে আজি ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে

ভাৰত আৰু ইংলেণ্ডে আজি ঐতিহাসিক মুক্ত বাণিজ্য চুক্তিত স্বাক্ষৰ কৰে। লণ্ডনত ইংলেণ্ডৰ প্রধানমন্ত্রী কিৰ ষ্টাৰৰ্মৰ সৈতে হোৱা আলোচনাৰ অন্তত দিয়া এটা বিবৃতিত প্রধানমন্ত্ৰীয়ে আজিৰ দিনটো উভয় দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ঐতিহাসিক দিন বুলি অভিহিত কৰে। কেইবাবছৰজোৰা কঠোৰ পৰিশ্ৰমৰ অন্তত দুয়োখন দেশৰ মাজত সৰ্বাত্মক অর্থনৈতিক আৰু বাণিজ্যিক চুক্তি সম্পাদনৰ বিষয়ক লৈ তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।

Image

শ্ৰী মোদীয়ে কয়, যে এই চুক্তিয়ে ভাৰত আৰু ইংলেণ্ডৰ উমৈহতীয়া সমৃদ্ধিৰ পথ প্রশস্ত কৰিব। তেওঁ কয়, যে ভাৰতীয় বস্ত্র, জোতা-চেণ্ডেল, ৰত্ন আৰু আভূষণ, সাগৰীয় খাদ্য আৰু অভিযান্ত্রিক সামগ্রী সমূহে এতিয়া ইংলেণ্ডত উন্নত বজাৰ লাভ কৰিবলৈ সমৰ্থ হ’ব। ইংলেণ্ডৰ বজাৰত প্ৰসংস্কৰিত খাদ্য উদ্যোগে নতুন সুযোগ লাভ কৰিব বুলিও তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে কয়, যে এই চুক্তিখন দেশৰ যুৱ প্ৰজন্ম, খেতিয়ক, মাছমৰীয়া আৰু অতি ক্ষুদ্র, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগখণ্ডৰ বাবে বিশেষকৈ লাভদায়ক হিচাপে পৰিগণতি হ’ব।

Image
ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰমৰে তেওঁৰ বিবৃতিত কয়, যে মুক্ত বাণিজ্য চুক্তি, ইংলেণ্ডে ইউৰোপীয় সংঘ ত্যাগ কৰাৰ পাছত দেশখনৰ বাবে আটাইতকৈ বৃহৎ আৰু আৰ্থিক দিশৰ পৰা গুৰুত্বপূৰ্ণ ব্যৱসায়িক চুক্তিৰূপে পৰিগণিত হৈছে। তেওঁ লগতে প্রধানমন্ত্ৰী মোদীৰ নেতৃত্ব আৰু প্ৰয়োগবাদৰ ভূয়সী প্ৰশংসা কৰে।

Image

এই চুক্তিৰ পৰা উভয়দেশ লাভান্বিত হ’ব বুলি শ্ৰী ষ্টাৰমৰে মন্তব্য কৰে। তেওঁ কয়, যে ইয়াৰ ফলত বেতন বৃদ্ধি পাব আৰু জীৱন ধাৰণৰ মান উন্নত হ’ব। তেওঁ লগতে কয়, যে শুল্ক কৰ্তনৰ ফলত ব্যৱসায় ত্বৰান্বিত আৰু সূচল হ’ব। ভাৰতীয় উদ্যোগ মহাসংঘই ভাৰত আৰু ইংলেণ্ডৰ মাজত সম্পাদিত মুক্ত বাণিজ্য চুক্তিৰ প্ৰতি আদৰণি জনাইছে। উদ্যোগ মহাসংঘই ইয়াক দ্বিপাক্ষিক সম্পৰ্কৰ দিশৰ পৰা ৰূপান্তৰকামী পদক্ষেপ বুলি অভিহিত কৰিছে।

অধিক পঢ়ক

সকলো চাওক