ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 1, 2024 8:20 PM | India | India Vs AL

printer

ভাৰত আৰু আলবেনিয়াৰ মাজত তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত

ভাৰত আৰু আলবেনিয়াৰ মাজত কালি তিৰানা দ্বিপাক্ষিক আলোচনা অনুষ্ঠিত হয়। আলোচনাকালত দুয়ো পক্ষই বিভিন্ন দ্বিপাক্ষিক, আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয়ত পৰ্য্যালোচনা চলায়। এই দ্বিপাক্ষিক আলোচনাত ৰাজনৈতিক সম্বন্ধ, বাণিজ্য, সাংস্কৃতিক সম্বন্ধ আৰু জনসাধাৰণৰ সম্বন্ধৰ লেখিয়া বিষয়সমূহ সামৰি লোৱা হয়। আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দুয়ো দেশৰ মাজৰ সহযোগিতাৰ বিষয়টোৱেও আলোচনাত স্থান লাভ কৰে। আলোচনাকালত দুয়ো পক্ষই পাৰস্পৰিক স্বার্থ জড়িত আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত-বিনিময় কৰে। আলোচনাত ভাৰতীয় পক্ষক বিদেশ মন্ত্ৰ্যালয়ৰ মধ্য ইউৰোপৰ অতিৰিক্ত সচিব অৰুণ কুমাৰ চাহুৱে প্ৰতিনিধিত্ব কৰাৰ বিপৰীতে আলবেনিয়াক দেশখনৰ ইউৰোপ আৰু বিদেশ পৰিক্ৰমা বিভাগৰ উপ মন্ত্ৰী এণ্ডৰিট ইজেইৰাজে প্রতিনিধিত্ব কৰে। শ্ৰীচাহুৱে লগতে আলবেনিয়াৰ অৰ্থনীতি, সংস্কৃতি আৰু উদ্ভাৱন দপ্তৰৰ মন্ত্ৰী অল্টা মঞ্জানিক সাক্ষাৎ কৰে। বৈঠকত দুয়ো পক্ষই বাণিজ্য, বিনিয়োগ, পৰ্য্যটন আৰু সাংস্কৃতিক বিনিময় তথা সম্পৰ্কৰ সৈতে জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। ভাৰতে যোৱা আগষ্টত আলবেনিয়াত আৱাসিক মিছন মুকলি কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।