ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত আজি ব্ৰীছবেনৰ গাববাত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হয়। ভাৰতে চাৰি অভাৰ আৰু ৫টা বলত এটাও উইকেট নেহেৰুওৱাকৈ ৫২ ৰান সংগ্ৰহ কৰা অৱস্থাত বৰষুণে খেলখনত বিধি পথালি দিয়ে। সেই সময়ত শুভমন গীলে ২৯ আৰু অভিষেক শৰ্মাই ২৩ ৰান কৰি খেলি আছিল। ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়াৰ অধিনায়ক মিছেল মার্হে টছত জিকি প্রথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লয়। আজিৰ খেলখন পৰিত্যক্তে ঘোষণা কৰাৰ সুবাদত ভাৰতে ২-১ ফলাফলেৰে শৃংখলা দখল কৰে। উল্লেখযোগ্য যে কানবেৰাত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলো বৰষুণৰ বাবে পৰিত্যক্ত ঘোষণা কৰা হৈছিল।
Site Admin | November 8, 2025 9:09 PM | T-20 cricket
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ অন্তিমখন টি-২০ খেল বৰষুণৰ বাবে পৰিত্যক্ত