November 21, 2024 6:13 PM | Border-Gavaskar

printer

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট কাইলৈ পাৰ্থত আৰম্ভ

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ বোৰ্ডাৰ-গাভাস্কাৰ ট্ৰফীৰ বাবে পাঁচখন খেলৰ টেষ্ট শৃংখলাৰ প্ৰথমখন টেষ্ট মেচ কাইলৈ পাৰ্থত আৰম্ভ হ’ব। ভাৰতীয় দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মাই ব্যক্তিগত অসুবিধাৰ বাবে প্ৰথম টেষ্টত অংশগ্ৰহণ কৰিব নোৱাৰাৰ বাবে যশপ্রীত বুমৰাই দলটোৰ দায়িত্ব ল’ব। ভাৰতীয় দলৰ আন এগৰাকী আগশাৰীৰ বেটচমেন শুভমন গীলেও আঘাতৰ বাবে প্ৰথম টেষ্টত ভাগ ল’ব নোৱাৰে। টেষ্ট মেচৰ পূৰ্বে আজি ভাৰত আৰু অষ্ট্ৰেলিয়া দুয়োটা দলেই অনুশীলনত অংশ লয়। ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৭ বাজি ৫০ মিনিটৰ পৰা এই খেল আৰম্ভ হ’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।