ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত-অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্ট্ৰাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ

● ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ যুটীয়া সামৰিক অনুশীলন অষ্ট্ৰাহিন্দ-২০২৫ৰ চতুৰ্থ সংস্কৰণ আজি অষ্ট্ৰেলিয়াৰ পাৰ্থত আৰম্ভ হ’ব। ভাৰতীয় সেনা বাহিনীৰ এটা ১২০ জনীয়া দল এই অনুশীলনত অংশ লোৱাৰ বাবে অষ্ট্ৰেলিয়াত উপস্থিত হৈছে। কেনবেৰাস্থিত ভাৰতীয় উচ্চ আয়োগৰ সূত্ৰই প্ৰকাশ কৰা মতে এই অনুশীলনে ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত প্ৰতিৰক্ষা সহযোগিতা শক্তিশালী কৰাৰ বাবে পাৰস্পৰিক আস্থা আৰু সমন্বয়ৰ মনোভাৱ দৃঢ় কৰি তুলিব। গোৰ্খা ৰাইফলছৰ এটা বেটেলিয়ন আৰু সেনাবাহিনীৰ অন্য শাখাৰ সৈনিকে এই দলৰ নেতৃত্ব বহন কৰিছে। সামৰিক সহযোগিতাৰ লগতে আন্তঃসঞ্চালন সামর্থ বৃদ্ধিয়েই এই অনুশীলনৰ মূল উদ্দেশ্য বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। ইয়াৰ উপৰি এই অনুশীলনত অংশগ্ৰহণ কৰা সৈনিকসকলক নগৰীয় বা উপ-নগৰীয় এলেকাত যুদ্ধৰ ৰণ-নীতি, প্ৰযুক্তি আৰু কৌশলৰ আদান-প্ৰদানৰ বাবে এখন মঞ্চ প্ৰদান কৰা হ’ব। উল্লেখযোগ্য যে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্রী এন্থনী এলবনিজ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰিচাৰ্ড মাৰ্লেৰ সৈতে বিগত সপ্তাহত দুয়োখন ৰাষ্ট্ৰ মাজত প্ৰতিৰক্ষা বৃদ্ধি সন্দৰ্ভত আলোচনাত মিলিত হৈছিল। দুয়ো ৰাষ্ট্ৰই ভাৰত-প্রশান্ত মহাসাগৰীয় অঞ্চলত আঞ্চলিক সুৰক্ষা বৃদ্ধি আৰু নীতি আধাৰিত আন্তঃৰাষ্ট্ৰীয় নিৰ্দেশনাৰ পোষকতা কৰিছিল।