ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰত অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিলৈ পৰিৱৰ্তিত হ’বঃ ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রা

ভাৰত অচিৰেই বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতিলৈ পৰিৱৰ্তিত হ’ব। ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্রাই কালি এই মত প্ৰকাশ কৰি কয়, যে ভাৰতৰ এই অর্থনৈতিক বৃদ্ধিৰ যাত্ৰাত প্ৰধানমন্ত্ৰীৰ ‘জন ধন যোজনা’ই বিশেষ অৰিহনা আগবঢ়াইছে। চলিত বিত্তীয় বৰ্ষৰ এপ্রিল-জুন ত্রিমাসিকত ভাৰতৰ জি ডি পি ৭.৮ শতাংশলৈ বৃদ্ধি হোৱাৰ সময়তে গৱৰ্ণৰ সঞ্জয় মালহোত্রাই এনে তাৎপর্যপূর্ণ মন্তব্য আগবঢ়াইছে। উল্লেখযোগ্য যে এই বৃদ্ধি হৈছে আমেৰিকাই ভাৰতৰ সামগ্ৰীৰ ওপৰত উচ্চ হাৰৰ শুল্ক আৰোপ কৰাৰ পূৰ্বৰ পাঁচটা ত্রিমাসিকৰ ভিতৰত আটাইতকৈ বেছি। ইন্দোৰৰ ৰংৱাচা গাঁৱত অনুষ্ঠিত চৰকাৰী বেংকৰ বিত্তীয় অন্তৰ্ভুক্তি অনুষ্ঠান ‘সন্ত্রিপ্তি শিৱিৰ’ত অংশগ্ৰহণ কৰি গৱৰ্ণৰ শ্ৰী মালহোত্রাই কয় যে কেন্দ্ৰীয় চৰকাৰ আৰু আৰ বি আয়ে দেশক অর্থনৈতিক বিকাশৰ পথত আগবঢ়াই নিবলৈ অন্যান্য বেংকসমূহৰ সহযোগত এঘাৰ বছৰ পূর্বে জন ধন যোজনা মুকলি কৰিছিল।
গভৰ্ণৰ শ্ৰী মালহোত্রাই কয়, যে দেশৰ অৰ্থনৈতিক বিকাশৰ যাত্ৰাত সকলো শ্ৰেণীৰ লোকৰ অংশগ্রহণ নিশ্চিত কৰাৰ অৰ্থে এই আঁচনিৰ অধীনত ৫৫ কোটি একাউণ্ট খোলা হৈছে। ইয়াৰ জৰিয়তে গ্রাহকসকললৈ চেভিংছ, পেঞ্চন, বীমা, ক্রেডিট আৰু অন্যান্য সেৱা আগবঢ়োৱা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।