ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সামুদ্রিক সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ

ৰাষ্ট্ৰসংঘত ভাৰতৰ স্থায়ী প্রতিনিধি পি হৰিশে নিৰাপত্তা পৰিষদত কয়, যে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু অৰ্থনৈতিক স্বাৰ্থ সুৰক্ষিত কৰাৰ বাবে সন্ত্ৰাসবাদ প্ৰতিৰোধ আৰু সামুদ্রিক সুৰক্ষা নিশ্চিত কৰাটো অতি গুৰুত্বপূৰ্ণ। সামুদ্রিক নিৰাপত্তা সন্দৰ্ভত অনুষ্ঠিত বিতৰ্কত অংশ লৈ শ্ৰী হৰিশে ভাৰতৰ ব্যাপক সামুদ্রিক কৌশলৰ ৰূপৰেখা দাঙি ধৰে। তেওঁ এই বিতৰ্কত ৰাষ্ট্রভিত্তিক ভাবুকি আৰু সন্ত্ৰাসবাদ, জলদস্যু, চোৰাং সামগ্ৰী আৰু অবৈধ মাছ ধৰাৰ দৰে প্ৰত্যাহ্বানসমূহ দাঙি ধৰে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মহাসাগৰ’ পদক্ষেপৰ সৈতে সংগতি ৰাখি সংহত প্রচেষ্টা, তাৎক্ষণিক সঁহাৰি, আঞ্চলিক কূটনীতি, গোলকীয় সহযোগিতা আৰু আন্তঃগাঁথনি উন্নয়ন বিষয়ত আলোকপাত কৰে। শ্ৰী হৰিশে ভাৰতীয় নৌসেনাই শেহতীয়াকৈ পশ্চিম আৰৱ সাগৰত ৩৫ খনতকৈও অধিক জাহাজৰ চলাচল কৰি ৩০ টা ঘটনাৰ প্ৰতি সঁহাৰি জনাই ৫২০ জন ক্রু সদস্যক উদ্ধাৰ কৰাৰ লগতে ৫ দশমিক ৩ বিলিয়ন ডলাৰৰ সামগ্ৰী কঢ়িয়াই অনা ৩১২ খন বাণিজ্যিক জাহাজক সুৰক্ষা দিয়ে। তেওঁ হুটি বিদ্ৰোহীৰ আক্ৰমণ প্ৰতিহত কৰা, লোহিত সাগৰত পাইৰেচি নিয়ন্ত্ৰণ কৰা তথা ম্যানমাৰ, লাউচ, ভিয়েটনাম আদিত সাহায্য অভিযান চলোৱাৰ ক্ষেত্ৰত ভাৰতৰ ভূমিকাৰ বিষয়ে উল্লেখ কৰে। ভাৰতে বিশ্বৰ বিভিন্ন অংশীদাৰ দেশৰ সৈতে যৌথ নৌসেনাৰ অনুশীলন অব্যাহত ৰাখিছে। তাঞ্জিনিয়াৰ সহযোগত আয়োজন কৰা ৬ দিনীয়া অনুশীলন AIKYAME-ও আছে য’ত ১০ খন আফ্রিকান ৰাষ্ট্ৰই অংশগ্ৰহণ কৰিছে। ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰছে আৰু গ্ৰীচৰ প্ৰধানমন্ত্ৰী কিৰিয়াক’ছ মিচ্ছ’ টাকিছে বর্ধিত সামুদ্রিক ভাবুকিৰ ক্ষেত্ৰত উদ্বেগ প্রকাশ কৰি পাইৰেচি সন্ত্ৰাসবাদ আৰু জটিল আন্তঃগাঁথনিৰ ওপৰত আক্ৰমণৰ উদাহৰণ দাঙি ধৰে।

অধিক পঢ়ক

সকলো চাওক