বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাসকলে ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে কালি ভাৰত চৰকাৰ তথা জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে স্বাধীনতা দিৱস উপলক্ষে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শুভেচ্ছা জনাই ভাৰতৰ প্ৰগতি আৰু গোলকীয় পৰ্যায়ত প্ৰাপ্য সন্মানৰ প্ৰশংসা কৰে। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে প্ৰধানমন্ত্ৰী মোদী আৰু দেশবাসীক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনায় । এটা বাৰ্তাত শ্ৰী মেক্র’ই দুয়োখন দেশৰ মাজৰ কৌশলগত অংশীদাৰিত্ব সুদৃঢ় হৈ থাকিব বুলি আশা প্ৰকাশ কৰে। ভূটানৰ প্ৰধানমন্ত্ৰী ছেৰিং টবগে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ভাৰতৰ শান্তি, সমৃদ্ধি আৰু প্ৰগতি কামনা কৰে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৰংঙে বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ গভীৰ সম্পৰ্ক অনাগত দিনটো বৰ্তি থাকিব বুলি আশা প্রকাশ কৰে। মালদ্বীপৰ বিদেশ মন্ত্ৰী আব্দুল্লা খলিল, নেপালৰ বিদেশ মন্ত্ৰী আৰ্জু ৰানা দেউবায়ো ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই ভাৰত গণতন্ত্ৰৰ এটা উজ্বল উদাহৰণ হিচাপে বিশ্বৰ অন্যান্য দেশসমূহকো অনুপ্ৰাণিত কৰিব বুলি আশা প্রকাশ কৰে। ৰাষ্ট্ৰপতি শ্ৰী মতী দ্রৌপদী মুৰ্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই শুভেচ্ছাৰ বাবে বিশ্ব নেতাসকলক ধন্যবাদ জনায়। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি মুৰ্মুৱে ইজৰাইলৰ ৰাষ্ট্ৰপতি আইজাক হার্জগ আৰু মালদ্বীপৰ ৰাষ্ট্ৰপতি মহম্মদ মুইচ্ছুক ধন্যবাদ জনাই কয়, যে মালদ্বীপৰ চৰকাৰ আৰু ইয়াৰ জনসাধাৰণৰ সৈতে মিত্ৰতাপূর্ণ সম্পর্ক সুদৃঢ় কৰিবলৈ ভাৰত প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে ইজৰাইল আৰু ভাৰতৰ নাগৰিকসকলৰ শান্তি, নিৰাপত্তা আৰু উন্নয়ন কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ফ্ৰান্সৰ ৰাষ্ট্ৰপতি, ভূটান আৰু মৰিচাছৰ প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই কয়, যে ফ্ৰান্সৰ সৈতে কৌশলগত অংশীদাৰিত্ব সুদৃঢ় কৰিবলৈ ভাৰত প্ৰতিশ্রুতিবদ্ধ। তেওঁ লগতে অনাগত সময়ত ভাৰত আৰু ভূটানৰ মাজৰ মিত্ৰতাৰ সম্পৰ্ক অধিক শক্তিশালী হ’ব বুলি কামনা কৰে।
Site Admin | August 16, 2025 11:08 AM | Leaders Greets to India
ভাৰতৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে বিশ্বৰ বিভিন্ন প্ৰান্তৰ নেতাৰ জনসাধাৰণলৈ আন্তৰিক শুভেচ্ছা