কেন্দ্রীয় স্বাস্থ্য মন্ত্রী জগত প্রকাশ নাড্ডাই বৰ্তমানৰ চিকিৎসা প্ৰযুক্তিৰ দিশটোৰ ওপৰত জোৰ দি কৈছে যে এতিয়াৰ ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছে। নতুন দিল্লীত ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে একাদশ এছিয়া পেচিফিক মেড টেক ফ’ৰাম ২০২৫ উদ্বোধন কৰি দিয়া ভাষণত মন্ত্ৰীজনে এনেদৰে ব্যক্ত কৰে। এই ক্ষেত্ৰখনত থকা বহল পৰিসৰৰ সুবিধাসমূহ, চিকিৎসা ব্যৱস্থা, উন্নত মানৰ চিকিৎসাৰ আহিলাপাতি, ডিজিটীয় ব্যৱস্থাৰে কৰা স্বাস্থ্য পৰীক্ষা আৰু কৃত্রিম বুদ্ধিমত্তাৰে উলিওৱা ৰোগৰ বিভিন্ন উপশমবোৰে স্বাস্থ্য সেৱাৰ ক্ষেত্ৰখন জনসাধাৰণৰ বাবে সহজলভ্য আৰু বহনক্ষম কৰি তুলিবলৈ সক্ষম হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে উন্নত মানৰ সামগ্ৰীৰ নিৰ্মাণ, জটিল প্রযুক্তিসমূহৰ গৱেষণা আৰু বিকাশ তথা গোলকীয় স্তৰত চাহিদা পূৰণৰ বাবে এই ফ’ৰামৰ ভাৰতীয় সদস্যসকলে উল্লেখযোগ্য ভূমিকা পালন কৰিব পাৰিব বুলিও উল্লেখ কৰে। চিকিৎসা সামগ্ৰীৰ নিৰ্মাণৰ ক্ষেত্ৰত এশ শতাংশ বিদেশী বিনিয়োগকাৰীক সামৰি লব পৰা বিষয়টোত বৰ্তমানৰ চৰকাৰখনে বিনিয়োগৰ সুবিধা হোৱাকৈ প্ৰস্তুত কৰা নীতিসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে নিজৰ ভাষণত উল্লেখ কৰে।
Site Admin | September 16, 2025 8:36 PM | Akashvani | JP Nadda
ভাৰতৰ স্বাস্থ্য খণ্ডলৈ অহা পৰিৱৰ্তনসমূহত এই প্রযুক্তিগত ব্যৱস্থা মাইলৰ খুটি হিচাপে পৰিগণিত হৈছেঃ জে পি নাড্ডা
