কাজাখস্তানৰ ছিমকণ্ডত অনুষ্ঠিত ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ভাৰতে ৫০ টা সোণৰ পদকেৰে প্রতিযোগিতাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে শীর্ষ স্থান দখল কৰি ঐতিহাসিক সাফল্য অর্জন কৰিছে। ভাৰতে প্ৰতিযোগিতাত ২৬ টা ৰূপ আৰু ২৩ টা ব্ৰঞ্জসহ মুঠ ৯৯ টা পদক লাভ কৰিছে। কাজাখস্তান পদক তালিকাৰ দ্বিতীয় আৰু চীন তৃতীয় স্থানত আছে। ভাৰতৰ অংকুৰ মিটলে কালি প্ৰতিযোগিতাৰ অন্তিম দিনত পুৰুষৰ ডাবল ট্রেপ শিতানত বিশ্ব অভিলেখ গঢ়ি সোণৰ পদক হস্তগত কৰে। একেদৰে এলাৱেনিল ৱালাৰিৱনে মহিলাৰ এয়াৰ ৰাইফলত এছিয় অভিলেখেৰে সোণৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে অৰ্জুন বাবুটাৰ সৈতে মিক্সড দলীয় শিতানতো সোণৰ পদক লাভ কৰে। নিৰু ধাণ্ডাই মহিলাৰ ট্ৰেপ শিতানত দেশৰ বাবে এছিয় চেম্পিয়নশ্বিপত প্ৰথমটো সোণৰ পদক হস্তগত কৰে। ছিফ্ফ্ট ক’ৰ শৰ্মাই মহিলাৰ ৫০ মিটাৰ ৰাইফলৰ থ্রি পজিছন শিতানত প্ৰথমটো এছিয় শিতাপ দখল কৰে। ইয়াৰ বিপৰীতে ঐশ্বৰ্য প্ৰতাপ সিং টোমৰে ৫০ মিটাৰ ৰাইফলৰ থ্ৰী পজিছন শিতানত খিতাপ অক্ষুণ্ণ ৰাখিবলৈ সমৰ্থ হয়। মনু ভাকৰে প্ৰতিযোগিতাত তিনিটা ব্ৰঞ্জৰ পদক লাভ কৰে। ভাৰতৰ ছিনিয়ৰ শ্বুটিং দলৰ ৩৫ গৰাকী সদস্যই এছিয় প্ৰতিযোগিতাৰ ১৫ টা শিতানত প্ৰতিদ্বন্দ্বিতা কৰে।
Site Admin | August 31, 2025 10:56 AM | 16th Asian Shooting Championship
ভাৰতৰ ষোড়শ এছিয় শ্বুটিং চেম্পিয়নশ্বিপত ৫০ টা সোণৰ পদক দখলেৰে ঐতিহাসিক সাফল্য অর্জন