ভাৰতৰ যুঁজ পাকিস্তানৰ সামৰিক বাহিনীৰ বিৰুদ্ধে নহয় বৰং সন্ত্ৰাসবাদী আৰু তেওঁলোকৰ আন্তগাঁথনি ধ্বংস কৰাৰ উদ্দেশ্যে আছিল বুলি ডি জি এম ও এয়াৰ মাৰ্ছেল এ কে ভাতীৰ প্ৰকাশ

ভাৰতৰ যুঁজ পাকিস্তানৰ সামৰিক বাহিনীৰ বিৰুদ্ধে নহয় বৰং সন্ত্ৰাসবাদী আৰু তেওঁলোকে ব্যৱহাৰ কৰা আন্তগাথনি ধ্বংস কৰাৰ উদ্দেশ্যে আছিল বুলি দেশৰ বায়ুসেনাৰ সামৰিক অভিযানৰ সঞ্চালক প্রধান অৰ্থাৎ ডি জি এম ও এয়াৰ মাৰ্ছেল এ কে ভাতীয়ে প্ৰকাশ কৰিছে। আজি নতুন দিল্লীত স্থল সেনা আৰু নৌ সেনাৰ ডি জি এম ওৰ উপস্থিতিত বায়ুসেনাৰ ডি জি এম ও গৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে পাকিস্তানৰ সামৰিক বাহিনীয়ে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি সমৰ্থন আগবঢ়াই ভাৰতক আক্ৰমণ কৰাৰ ফলত সেনাবাহিনীয়ে প্ৰত্যুত্তৰ দিবলৈ বাধ্য হয়। অৱশ্যে এই অভিযান কালত যাতে সাধাৰণ লোক আৰু সামৰিক আন্তঃগাঁথনিৰ অধিক ক্ষতি নহয় সেই কথা সুৰক্ষা বাহিনীয়ে নিশ্চিত কৰিছে।ভাৰতৰ কেইবাতৰপীয়া আৰু সংহত বায়ুসেনা প্ৰতিৰক্ষা ব্যৱস্থাৰ বিষয়েও বিষয়া গৰাকীয়ে উল্লেখ কৰিছে। বায়ুসেনাই পাকিস্তানে প্ৰেৰণ কৰা কেইবাখনো ড্রোন আৰু মানৱবিহীন আকাশীযান ধ্বংস কৰিছে বুলি তেওঁ উল্লেখ কৰে। ভাৰতে থলুৱাভাৱে বিকশিত প্রযুক্তিৰে এই অভিযানৰ কেইবাটাও পদক্ষেপত সফলতা লাভ কৰিছে বুলি তেওঁ উল্লেখ কৰে। কেন্দ্ৰীয় চৰকাৰে বিগত এটা দশক ধৰি প্ৰতিৰক্ষা ক্ষেত্ৰত আৰোপ কৰা গুৰুত্ব আৰু প্ৰতিৰক্ষা উৎপাদন বৃদ্ধি কৰি থলুৱা ভাৱে সামৰিক প্ৰযুক্তিক বিকশাই তোলাৰ বাবে এই সফলতা লাভ কৰা হৈছে বুলি তেওঁ মন্তব্য কৰে। ভাৰতে শক্তি পক্ষৰ ড্রোন, যুঁজাৰু বিমান আৰু ক্ষেপনাস্ত্র ধ্বংস কৰাৰ ফলত দেশৰ সাম্ভাৱ্য ক্ষতি হ্ৰাস পাইছে বুলি তেওঁ প্ৰকাশ কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।