December 7, 2025 11:27 AM | EAM Dr S Jaishankar

printer

ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছেঃ ড° এছ জয়শংকৰ

ভাৰতে আন দেশৰ সৈতে কিদৰে সম্পৰ্ক গঢ়ি তোলে সেই ক্ষেত্ৰত আন দেশৰ হাত নাই বুলি বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে স্পষ্ট কৰিছে। নতুন দিল্লীত কালি এটা অনুষ্ঠানত ভাষণ দি ড° জয়শংকৰে কয় যে, ভাৰতৰ ভূ-ৰাজনীতি ক্ষেত্ৰত বিকল্পৰ স্বতন্ত্ৰতা আৰু সুকীয়া বিদেশ নীতি তথা প্ৰতিৰক্ষা সিদ্ধান্ত গ্ৰহণৰ সামৰ্থ আছে। তেওঁ লগতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনৰ সদ্যসমাপ্ত ভ্রমণে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সম্পৰ্কত নেতিবাচক সম্পৰ্কৰ প্ৰভাৱ পেলাব আৰু তেওঁলোকৰ সৈতে সম্ভাব্য মুক্ত বাণিজ্য চুক্তিত বাধাৰ সৃষ্টি হোৱাৰ কথা নুই কৰে। আমেৰিকাৰ সৈতে যোগাযোগ বা আলোচনাৰ অভাৱ নাই বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে। ভাৰতৰ ভূ-ৰাজনৈতিক আকাংক্ষাৰ বিষয়ে উল্লেখ কৰি বিদেশমন্ত্ৰীগৰাকীয়ে কয়, যে অধিক গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰাৰ সম্ভাৱনাৰে ভৰা এখন উদীয়মান দেশ হিচাপে আন দেশৰ সৈতে ভাল সম্বন্ধ জৰুৰী। তেওঁ কয়, যে ভাৰতে গোষ্ঠী নিৰপেক্ষ নীতি অনুসৰি নিজৰ স্থিতি উন্নত কৰিব বিচাৰে আৰু যিমান পাৰি সিমান দেশৰ সৈতে সহযোগিতা বৰ্তাই ৰাখিব বিচাৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।