ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাত ২-০ৰ ব্যৱধানত দক্ষিণ আফ্রিকাৰ জয়লাভ

দক্ষিণ আফ্রিকাই ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাটোত ২-০ৰ ব্যৱধানত জয়লাভ কৰিছে। গুৱাহাটীৰ বর্ষাপাৰাত অনুষ্ঠিত দুখনীয়া শৃংখলাৰ দ্বিতীয় তথা অন্তিমখন খেলত আলহী দলটোৱে ভাৰতক ৪০৮ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। ভাৰতে দ্বিতীয় ইনিংছত ৫৪৯ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি আজি অন্তিম দিনা ১৪০ ৰানহে কৰিবলৈ সমর্থ হয়। ভাৰতৰ হৈ ৰবীন্দ্র জাদেজাই সর্বাধিক ৫৪ ৰান কৰে। দক্ষিণ আফ্ৰিকাৰ চাইমন হাৰ্মৰে ছটা উইকেট লাভ কৰে। দক্ষিণ আফ্রিকাই ভাৰতৰ মাটিত এইবাৰ দ্বিতীয়বাৰ আৰু ২৫ বছৰত প্ৰথম টেষ্ট শৃংখলাত জয়ী হৈছে। ইয়াৰ পূৰ্বে ২০০০ চনত হান্সি ক্ৰ’নিয়েৰ নেতৃত্বত দক্ষিণ আফ্রিকাই ভাৰতৰ মাটিত টেষ্ট শৃংখলাত জয়ী হৈছিল।