ডাউনলোড
মোবাইল এপ

android apple
signal

ভাৰতৰ বিমান পৰিবহন খণ্ডই বিশ্বৰ বিমান পৰিবহন উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে

ভাৰতৰ বিমান পৰিবহন খণ্ডই বিশ্বৰ বিমান পৰিবহন উদ্যোগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। নতুন দিল্লীৰ ভাৰত মণ্ডপমত আজি সন্ধিয়া আন্তৰাষ্ট্ৰীয় আকাশ পৰিবহন সংস্থাৰ ৮১ সংখ্যক বাৰ্ষিক সাধাৰণ সন্মিলনত ভাগ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এইকথা প্ৰকাশ কৰে। তেওঁ কয় যে বিশ্ব মহাকাশ-বিমান ক্ষেত্ৰত ভাৰতে নেতৃত্ব বহন কৰিছে। উড়ান আঁচনিৰ সফলতাই ভাৰতৰ অসামৰিক বিমান পৰিবহন খণ্ডত সোণালী অধ্যয়ৰ সূচনা কৰিছে। বৰ্তমান ভাৰতে বিশ্বৰ ঘৰুৱা বিমান পৰিবহন খণ্ডত তৃতীয় সৰ্ববৃহৎ দেশ হিচাপে পৰিগণিত হৈছে বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰে।এই উপলক্ষে আয়োজিত অনুষ্ঠানত অসামৰিক বিমান পৰিবহন মন্ত্ৰী কে. ৰামমোহন নাইডুৱে কয় যে সমাগত ৫ বছৰত দেশত আৰু ৫০ টা বিমান বন্দৰ উন্নয়নৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ২০১৪ চনত দেশত মাত্র ৭৬ টা বিমান বন্দৰ আছিল। বৰ্তমান ৩৩ টা আন্তৰাষ্ট্ৰীয় বিমান বন্দৰকে ধৰি এই পৰ্যন্ত ১৬২ লৈ বিমান বন্দৰৰ সংখ্যা বৃদ্ধি হৈছে বুলি অসামৰিক বিমান পৰিবহন মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে।দুদিনীয়াকৈ অনুষ্ঠিত এই সন্মিলনৰ কাইলৈ সামৰণি পৰিব। এই আন্তৰাষ্ট্ৰীয় আকাশ পৰিবহন সন্মিলনত অসামৰিক বিমান উদ্যোগৰ অৰ্থনীতি, যোগাযোগ, শক্তি, সুৰক্ষা, তেল উৎপাদন, উদ্ভাৱন আদিকে ধৰি উদ্যোগটোৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰা হ’ব। অনুষ্ঠানত অসামৰিক বিমান পৰিবহন উদ্যোগৰ ক্ষেত্ৰত ভাৰতৰ উল্লেখযোগ্য পৰিবৰ্তন আৰু এই ইতিবাচক পৰিৱৰ্তনে দেশৰ সামাজিক, অর্থনৈতিক, বিকাশত যোগোৱা অৰিহনাৰ বিষয়ে তথ্য দাঙি ধৰা হ’ব। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৯৮৩ চনত আন্তৰাষ্ট্ৰীয় বিমান পৰিবহন সংস্থাৰ শেষৰখন সাধাৰণ সন্মিলন অনুষ্ঠিত হৈছিল।

অধিক পঢ়ক

সকলো চাওক