ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন বিগত দশকত ৩ গুণ বৃদ্ধি হৈ ১.৫ লাখ কোটি টকা স্পৰ্শ কৰা বুলি প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ প্ৰকাশ

বিগত দশকত ভাৰতৰ প্ৰতিৰক্ষা উৎপাদন তিনিগুণ বৃদ্ধি হৈ ১.৫ লাখ কোটি টকা হৈছেগৈ বুলি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। ২০১৪ চনৰ পৰা ৪০ খনতকৈও অধিক থলুৱাভাৱে নির্মিত যুদ্ধ জাহাজ আৰু ছাবমেৰিন ৰপ্তানি কৰা বুলি উল্লেখ কৰি শ্রীমোদীয়ে লগতে কয় যে, ভাৰতে এতিয়া সৰহসংখ্যক প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন দেশতেই কৰে।

দেশৰ তিনিওটা প্ৰতিৰক্ষা বাহিনীৰ অসাধাৰণ সহযোগিতামূলক সেৱাৰ বাবে অপাৰেচন সিন্দূৰৰ সময়ত পাকিস্তানে ভাৰতৰ ওচৰত মূৰ দোৱাবলৈ বাধ্য হৈছিল বুলি প্রধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। গোৱা আৰু কৰৱাৰ উপকূলৰ আই এন এছ বিক্ৰান্তত নৌ বাহিনীৰ জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ছোৱাত প্রধানমন্ত্রীয়ে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে আই এন এছ বিক্রান্ত আত্মনিৰ্ভৰ ভাৰত আৰু মেড ইন ইণ্ডিয়াৰ প্রতীক। প্রধানমন্ত্রীয়ে উল্লেখ কৰে, যে চৰকাৰে প্রতিটো প্রত্যাহ্বানকে সংস্কাৰলৈ, প্ৰতিটো সংস্কাৰকে প্রত্যাবর্তন আৰু প্ৰতিটো প্ৰত্যাৱৰ্তনক বিপ্লবলৈ পৰিৱৰ্তন কৰিছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।