ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি

ভাৰতৰ পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতি ২০২৪ চনৰ মে’ মাহত ২.৬ শতাংশলৈ বৃদ্ধি পাইছে। ২০২৩ চনৰ মাৰ্চ মাহত এই হাৰ ১.৪১ শতাংশলৈ হ্ৰাস পায়। খাদ্য সামগ্ৰীৰ উৎপাদন, খাৰুৱা পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ, খনিজ তেল আদি বৃহৎ খণ্ডসমূহৰ মূল্যবৃদ্ধিয়ে, পাইকাৰী মূল্য সূচকাংক ভিত্তিক মুদ্রাস্ফীতিৰ বৃদ্ধিৰ শেহতীয়া কাৰণ হ’ব পাৰে বুলি বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ে আজি প্ৰকাশ কৰে। ২০১৪ চনৰ মে’ মাহত প্রাথমিক সামগ্ৰীৰ সূচকাংক ০.৫৪ শতাংশ বৃদ্ধি পাইছে। ইন্ধন আৰু শক্তি খণ্ডৰ মূল্য ১.৩৫ শতাংশ বৃদ্ধি পাইছে। এপ্রিল মাহত ০.৪২ শতাংশ হ্ৰাসৰ বিপৰীতে নির্মিত সামগ্ৰীৰ সূচকাংক ৩.৭৮ শতাংশলৈ বৃদ্ধি পাইছে। খাদ্যৰ মূল্য এপ্ৰিল মাহত ৫.৫২ শতাংশ বৃদ্ধি পাইছে। শাক-পাচলিৰ মূল্য বছৰৰ পিছত বছৰ ধৰি ৩২.৪২ শতাংশ বিশেষভাৱে দ্রুত হাৰত বৃদ্ধি পাইছে য’ত এই হাৰ পূৰ্বৰ মাহত ২৭.৯৪ শতাংশ বৃদ্ধি পাইছিল।