ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

January 14, 2025 2:22 PM | Badminton

printer

ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীৰ ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্‌টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ

ভাৰতৰ ধ্ৰুৱ কপিলা আৰু টানিশা ক্ৰাষ্টৰ যুটীয়ে আজি ইণ্ডিয়া অপেন ছুপাৰ ছেভেন ফিফ্‌টি বেডমিণ্টন প্ৰতিযোগিতাৰ প্ৰি-কোৱাটাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যুটীটোৱে মিক্স ডাবলছ ৰাউণ্ড অৱ থাৰ্টি টুত টাইৱানৰ যুটী শ্বু য়া চিং আৰু চেন চেং কোৱানক ৮-২১, ২১-১৯, ২১-১৭ ৰ ব্যৱধানত পৰাস্ত কৰে।
যোৱা বছৰ পেৰিচ অলিম্পিকৰ পাছত দীঘলীয়া সময়ৰ বিৰতিৰ অন্তত পি ভি সিন্ধুৱে আজি এই প্রতিযোগিতাত ভাগ ল’ব। সিন্ধুৱে মহিলাৰ ছিংগলছৰ ৰাউণ্ড অৱ থাৰ্টি টুৰ এখন খেলত টাইৱানৰ প্ৰতিদ্বন্দীৰ মুখামুখি হ’ব। ভাৰতৰ স্বাতিকছাইৰাজ ৰণকিৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ টী কাই ওন আৰু মেন ৱে চুংৰ বিৰুদ্ধে খেলিব।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।