● প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ ডাক ব্যৱস্থাক দুৱাৰডলিত বেংকিং সেৱা আগবঢ়াব পৰা বিশ্বৰ সৰ্ববৃহৎ নেটৱৰ্ক বুলি অভিহিত কৰিছে। কেন্দ্ৰীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়াৰ এটা বাৰ্তা সন্দৰ্ভত মত পোষণ কৰি তেওঁ কয় যে চৰকাৰৰ অভূতপূৰ্ব প্ৰয়াসৰ ফলস্বৰূপে দেশৰ সাধাৰণ ডাকোৱালগৰাকী বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত বাৰ্তাবাহক হিচাপে পৰিগণিত হৈছে। শ্রীসিন্ধিয়াই তেওঁৰ লিখনিত ভাৰতৰ ডাক বিভাগৰ কাৰ্যালয় আৰু দেশৰ ডাক বিভাগৰ লেনদেনৰ সৈতে জড়িত বেংকৰ জৰিয়তে বিশ্বৰ সবাতোকৈ পুৰণি ডাক ব্যৱস্থাটো সম্প্ৰতি দুৱাৰ্ডলিতে বেংকৰ সেৱা আগবঢ়াব পৰা বিশ্বৰ সৰ্ববৃহৎ প্ৰতিষ্ঠানলৈ ৰূপান্তৰিত হোৱা বুলি মত প্ৰকাশ কৰিছে। তেওঁ লগতে ইণ্ডিয়া পোষ্ট পেমেণ্ট বেংকৰ জৰিয়তে ১৪০ কোটি লোকে নিজ নিজ ঘৰৰ পদুলিমুখত বেংকৰ সেৱা লাভ কৰাটো সম্ভৱপৰ হৈ উঠিছে বুলিও কয়।
Site Admin | September 4, 2025 3:32 PM | Akashvani News | narendra modi | PMO India | PMO Modi
ভাৰতৰ ডাক ব্যৱস্থা দুৱাৰডলিত বেংকিং সেৱা আগবঢ়াব পৰা বিশ্বৰ সৰ্ববৃহৎ নেটৱৰ্কঃ প্রধানমন্ত্ৰী
