August 16, 2025 11:15 AM | Belus Greets

printer

ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ অন্বেষণ সন্দৰ্ভত দিয়া বিবৃতিৰ প্ৰশংসা বেলুচ মানৱ অধিকাৰ কৰ্মী মীৰ য়াৰ বেলুচৰ

বিশিষ্ট বেলুচ মানৱ অধিকাৰ কৰ্মী মীৰ য়াৰ বেলুচে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতা দিৱস উপলক্ষে কালি লালকিল্লাৰ প্ৰাচীৰৰ পৰা দেশবাসীক উদ্দেশি দিয়া ভাষণত ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ অধীনত ভাৰতৰ গুৰুত্বপূৰ্ণ খনিজ অন্বেষণ সন্দৰ্ভত দিয়া বিবৃতিৰ প্ৰশংসা কৰিছে। প্ৰধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণত ভাৰতে এহেজাৰ ২০০টা স্থান অন্বেষণৰ জৰিয়তে গুৰুত্বপূৰ্ণ খনিজৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জনৰ প্ৰচেষ্টা চলাইছে বুলি ঘোষণা কৰিছিল। মানৱাধিকাৰ কৰ্মীগৰাকীয়ে কয়, যে পাকিস্তানক অপ্রাসংগিক কৰি ভাৰত আৰু বেলুচিস্তান অর্থনীতি, প্ৰতিৰক্ষা, সুৰক্ষা আৰু শান্তিৰ দিশত দীৰ্ঘকালীন অংশীদাৰ হ’ব পাৰে। মীৰ য়াৰে ছয় কোটি বেলুচ জনসাধাৰণৰ হৈ ১৪০ কোটি ভাৰতীয়ক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়, যে ভাৰত নাইবা বেলুচিস্তান কোনো এখন দেশে স্বাধীনতা উপহাৰ হিচাপে পোৱা নাছিল বৰঞ্চ পূৰ্বপুৰুষৰ অসীম ত্যাগ আৰু বলিদানৰ ফলস্বৰূপে স্বাধীনতা লাভ কৰা গৈছিল। তেওঁ দুয়োখন দেশৰ বিৰুদ্ধে হোৱা যিকোনো ধৰণৰ ষড়যন্ত্ৰক নিঃশেষ কৰাৰ লগতে অপাৰচেন সিন্দূৰত দেখুওৱাৰ দৰে পাকিস্তানৰ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সাহসেৰে যুঁজ দিয়াৰ বাবে একেলগে কাম কৰি যাব পৰাকৈ ভাৰত চৰকাৰক বাস্তৱিক আৰু স্পষ্টৰূপত বেলুচিস্তানৰ সৈতে থিয় দিবলৈ আহ্বান জনায়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।